পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


 বৃটিচ্-যুগত স্বদেশানুৰাগৰ বিশেষ উৎকৰ্ষ সাধন হৈছে। নিজৰ দেশক ভাল পোৱা, নিজৰ ভাষাক ভাল পোৱা, নিজৰ মানুহক ভাল পোৱা, মানুহ মাত্ৰৰে স্বভাৱ। এই আপোন ভাব প্ৰকাশ হৈ উঠা উন্নত জাতি মাত্ৰৰে এটা বিশেষ লক্ষণ। এটা জাতি মৃত নে জীৱিত তাৰ চিন থাকে সেই জাতিৰ আৰ্থিক উন্নতিত, সামাজিক উন্নতিত, মানসিক উন্নতিত। আৰ্থিক উন্নতিৰ চিন ৰৈ যায় দেশৰ সুখ সমৃদ্ধি বঢ়াত, সামাজিক উন্নতিৰ চিন থাকে শান্তিপূৰ্ণ সামাজিক অৱস্থতি আৰু মানসিক উন্নতিৰ চিন ৰৈ যায় জাতিটোৰ ভাষাত, জাতিটোৰ সাহিত্যত। হেমচন্দ্ৰ বৰুৱাই মৃতপ্ৰায় অসমীয়া জাতিৰ চিন ৰাখিলে ইয়াৰ ভাষাৰ উন্নতি সাধি; ইয়াৰ ভাষাৰ ক্ৰমোন্নতিৰ বাট পথ মোকলাই দি। তেতিয়াৰ দিনত অসমীয়া ভাষাৰ যেতিয়া বিভ্ৰাট মিলিল, মাতৃভাষাক যেতিয়া দুয়ো ফালৰপৰা টনা-আজোৰা লগালে, অসমীয়াই কৰ্ত্তব্য পাহৰি বা সুযোগ নাপাই যেতিয়া নিজৰ সুকীয়া জাতীয়ত্ব জলাঞ্জলি দিবৰ উপক্ৰম কৰিলে আৰু নানা আকস্মিক উপচক্ৰই আহি অসম মাতৃক যেতিয়া পীড়া কৰিলে তেতিয়া বৈদ্যৰাজ হেমচন্দ্ৰই ধন্বন্তৰি স্বৰূপে অসমীয়াক সাক্ষাত দি ব্যাকৰণ আৰু হেমকোষেৰে অসম মাতৃৰ কি অপূৰ্ব্ব শুশ্ৰূষাত লাগিল! —যি শুশ্ৰূষা দেখি দুই নাওত দুই ভৰি দি তলৌতপৌ কৰি থকা আন ৰখীয়া পৰীয়াই সুদক্ষ গুৰিয়ালে পোনাই দিয়া বাট আশ্ৰয় কৈ, উক্মুকনিত যেন উশাহ পাই, জীৱন-বন্তি নুমাব বুলি নৈৰাশ নহৈ এক ধ্যানে মাতৃৰ শুশ্ৰূষাত প্ৰাণ টাকি লাগি মৃতকল্প অসম মাতৃক সঞ্জীৱিত কৰিলে। এই হেমচন্দ্ৰক প্ৰকৃতভাৱে চিনিবলৈ সময় লাগিব, হেমচন্দ্ৰৰ শুজিব নোৱাৰা ধাৰ শুজিবলৈ আমি আৰু শিক্ষিত হব লাগিব।