পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰথী

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


প্ৰথম আধ্যা

আৰম্ভণ

 অসমীয়াৰ অভিধান ৰচোঁতা, ‘হেমৰ কোষেৰে ওখ দৌল বান্ধোঁতা’ অসমীয়া শব্দৰ শৃঙ্খলা লগাওঁতা স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱা অসমীয়াৰ মাজৰপৰা আঁতৰি যাবৰ আজি বহুদিন হল; হেমচন্দ্ৰৰ ভৌতিক দেহ পঞ্চভূতত মিলি যাবৰ আৰু হেমচন্দ্ৰৰ জীৱন্ত প্ৰতিকৃতি অসমীয়াৰ দৃষ্টিৰপৰা অদৃশ্য হবৰ আজি বহু বছৰ হল। ইমানদিনে পাহৰণিয়ে হেমচন্দ্ৰক গিলিব নোৱাৰিলে কিয়? পাহৰণিয়ে আকৌ হেমচন্দ্ৰক সোঁৱৰাই দিয়ে কিয়? যিমানে অসমীয়া জাতি শিক্ষিত হৈছে সিমানে হেমচন্দ্ৰৰ নাম লয় কিয়?মাতৃভাষাৰ আদৰ যিমানে বাঢ়িছে, মাতৃভাষাৰ আসন যিমানে ওখত উঠিছে, মৃত হেমচন্দ্ৰৰ নাম সিমানে ওলায় কিয়?