সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯২ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত হোৱাৰ আগেয়ে স্বামীক হেৰুৱায়, সেইবিলাকৰ বিয়াই প্ৰণস্ত; কিন্তু আন বিধৱাৰ বিয়ায়ো বাধা থাকিব নেলাগে। আমাৰ আছে, শিক্ষিত ডেকাবিলাকৰ মূৰত এটা বৰ গধূৰ বোজা সেই কথা তেওঁ বিলাকে ভাবি চোৱা উচিত। ইয়াৰ পাচত তেওঁ বিলাক সমাজৰ নায়ক আৰু সাধাৰণ মতৰ স্ৰষ্টা হব; তেতিয়া তেওঁলোকে যেন কুসংস্কাৰ আৰু দেশাচাৰৰ দাস হৈ নেথাকে, আৰু বিধৱাৰ বিয়াৰ বাটটো বহলায়, এয়ে মোৰ আন্তৰিক ইচ্ছা আৰু প্ৰাৰ্থনা। পূজনীয় বিদ্যাসাগৰে বিধৱা- বিবাহ যে শাস্ত্ৰ-সিদ্ধ ইয়াকে সপ্ৰমাণ কৰিয়েই মনে মনে নেথাকিল, আপোনাৰ পুতেকেৰে সৈতে বিধৱাৰ বিয়া দিলে। কালৰ সোঁতত তেওঁ উটি গল; কিন্তু তাৰ বালিত তেওঁ যি খোজৰ সাঁচ থৈ গৈছে সি চিৰকাললৈকে থাকিব, লুপ্ত নহয়; সেই খোজৰ পাচত চলেতো মানুহ আমাৰ দেশত ওলাব কেতিয়া? প্ৰতিধ্বনিয়ে সুধিছে, কেতিয়া?”