সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ আখ্যা সামৰণি অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠাতা হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত আলোচনা কৰিবলৈ বহুত কথা আছে। তেওঁৰ জীৱনৰ সকলো কথাবোৰ বিশদভাৱে লিখিলে এখন বৃহৎ গ্ৰন্থ হব পাৰে। আমি ইয়াত কেৱল মুঠ কথাবোৰ আলোচনা কৰি এখন উপদেশপূৰ্ণ নাটৰ যেনিবা প্ৰস্তাৱনাহে কৰিলোঁ। নাটৰ বিশ্লেষণ আৰু অভিনয় বহুত দূৰত থাকিল। অসমীয়া সাহিত্য ক্ষেত্ৰত আদৰ্শ পুৰুষ হেমচন্দ্ৰৰ সমাদৰ ক্ৰমাৎ বৃদ্ধি পাব লাগে; আসামৰ সকলো ঠাইতে হেমচন্দ্ৰৰ সোঁৱৰণী সভা হব লাগে; হেমচন্দ্ৰৰ মহৎ কাৰ্য্যৰ আলোচনা বাঢ়িব লাগে। যিমানে আমি জাতীয় মহাপুৰুষসকলক পূজা কৰিবলৈ শিকিম, যিমানে সিবিলাকৰ স্মৃতি ঘন৷ই মনত তুলিম, সিমানে আমাৰ মনত মহং আদৰ্শৰ উদয় হব আৰু “নিৰুপমা অস I জননীৰ ” সেৱা কৰিবলৈ সিমানে আমাৰ মনত নতুন সাহ আৰু উদ্যম বাঢ়িব। হেমচন্দ্ৰৰ কীৰ্ত্তিস্তম্ভ ‘হেমকোষ'। এই অভিধান গভৰ্নমেন্টে ছপাই অসমীয়া জাতিৰ অশেষ উপকাৰ কৰিলে। কিন্তু হেমকোষৰ প্ৰথম তাঙ্গৰণ অন্ত হৈ যোৱাৰপৰা