সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত বিয়া নিষিদ্ধ হোৱা হলে স্বামীৰ মৃত্যুৰ পাচত ৯১ তিৰোতাৰ মনবপবা সহবাসব বাঞ্ছা গুচি গলহেঁতেন। কিন্তু সকলোৱে জানে কেতিয়াও তেনে নহয়। হিন্দু শাস্ত্ৰ মতে ভাৰ্য্যা স্বামীৰ অৰ্দ্ধাঙ্গ আৰু হিন্দুবিলাকে তেওঁলোকৰ বিয়াত অগ্নিৰ আগত দেৱতা আৰু পিতৃবিলাকক সাক্ষী কবি ভাৰ্য্যাক এইৰূপে কয় –“তোমাৰ প্ৰাণে সৈতে মোৰ প্ৰাণক, সৈতে মোৰ হাড়ক, তোমাৰ মঙ্গহে সৈতে তোমাৰ হাড়ে মোৰ মঙ্গহক ইয়াৰ দ্বাৰা একে প্ৰাণ, নষ্ট তোমাৰ ছালে সৈতে মোৰ ছালক মিৰাওঁ। * দেখা যায় যে ভাৰ্য্যা আৰু স্বামীৰ একে দেহ, দুইৰ ভিতৰত একো প্ৰভেদ নাই। এনে স্থলত যেতিয়া পুৰুষ ভাৰ্য্যা মৰি গলে, অৰ্থাৎ তেওঁৰ শৰীৰৰ এভাগ হলে, তাক পূৰাই লব পাবে, তিৰোতা সেই স্বত্বৰপৰা বঞ্চিত হয় কিয়? বিধৱা বিবাহৰ বিৰোধীবিলাকে ইয়াৰ উত্তৰ কি দিব? অৱশ্যে তেওঁলোকে কব যে বিধৱা বিবাহ শাস্ত্ৰৰ নিষিদ্ধ; কিন্তু তেনে কথা কবৰ এতিয়া সময় নহয়, সেই আপত্তি অনেক দিনৰ আগেয়ে খণ্ডিত হৈ গৈছে। বিধৱাৰ বিয়াৰ মই পক্ষপাতী; কিন্তু ম‍ই এনেকৈ নকওঁ যে তিৰোতা বাঁৰী হলেই অৱশ্যে আকৌ বিয়া কৰিব বা দিব লাগে। মোৰ মতে বিধৱাৰ বিয়াৰ দুৱাৰত যি এডাল ডাঙ্গৰ ডাং আছে, সি গুচি বাটটো মুকলি হব লাগে, সেয়ে হলে এতিয়া যেনেকৈ ঘৈণীয়েক-মৰা মতাই ইচ্ছা আৰু সুচল হলে অবাধে পুনৰায় বিয়া কৰে, তেনেকৈ গিৰীয়েক-মৰা তিৰোতায়ো কৰিব। যিবিলাক ছোৱালী ফুলতে বাঁৰী হয় বা সন্তান

  • শাণৈস্তে প্ৰাণান, সন্দধাম্যস্থিতি স্থানি মং সাংসানি ত্ব্যাত্বতমিতি।

উদ্বাহ-পদ্ধতিঃ।