সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯০ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত নিমন্ত্ৰিত হৈও নগল, কিন্তু তেওঁৰ “কানীয়াৰ কীৰ্ত্তন” পুথি কানি কমিশ্যনৰ মেম্বৰ পাৰ্লেমেন্টৰ সমজুৱা এইচ, জে, উইল- চন চাহাবৰ হাতত পৰিছিল।” হেমচন্দ্ৰ বৰুৱা আৰু বিধবা বিবাহ হেমচন্দ্ৰ বৰু ৱা সদাই বিধবা বিবাহৰ সপক্ষে আছিল। ব্ৰাহ্মণৰ বিধবাই ইচ্ছা কৰিলে সমাজচ্যুত নহৈ বিবাহ কৰিব পাৰে –এই প্ৰথা চলাবৰ তেওঁৰ একান্ত ইচ্ছা আছিল। বঙ্গদেশত বিধবা বিবাহ চলোৱাত যিবোৰ অন্তৰায় আছে আসামত সেইবোৰ অন্তৰায় নাই। ব ব্ৰাহ্মণত বাজে আন জাতিৰ মাজত বিধবা বিবাহ এই দেশত চলিয়েই আছে। মুঠতে ব্ৰাহ্মণ সমাজত সমাজৰ ডৰিয়লিলৈ ভয় নকৰি ডেকা সকলে বিধবাৰ বিবাহ প্ৰচলন কৰিলে দেশৰ শীঘ্ৰে মঙ্গল হব বুলি তেওঁৰ ধাৰণা আছিল। তেওঁ সেই গুণে বিধবা বিবাহ সম্পৰ্কে এইদৰে যুক্তি দেখুৱাইছিল। “শাস্ত্ৰ নেলাগে যুক্তিলৈ চালেই বিধবাৰ বিয়াত যে কোনো দোষ নাই তাক বুজিব পাৰি আৰু শাস্ত্ৰৰো যুক্তিয়েই মূল; কিয়নো সেই শাস্ত্ৰতে লিখা আছে “যুক্তিহীন বিচাৰেন ধৰ্ম্মহানি প্ৰজায়তে” এতিয়া চাওঁকচোন—মতা, তিৰোতা দুটা সমান জীৱ। ভোক, পিয়াহ, টোপনি, বোধ, ইচ্ছা, অঙ্গ, প্ৰত্যঙ্গ, জন্ম, মৰণ দুয়োৰো সমান, তথাপি এটাব যি স্বত্ব আছে আনটোৰ সি নাই বোলা কথাটো কিমান অন্যায়, ইয়াক যাৰ অলপমান জ্ঞান আছে. সিও বুজিব পাৰে। ঈশ্বৰৰ বা স্বভাৱৰ নিয়মমতে বিধৱাৰ