সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত ৮৯ ব্যায়াম অভ্যাস কৰিছিল। আবেলি ফুবাচকা নকৰি নিজ হাতে কোব মাৰি নিজৰ ফুলনি বাৰীত নাইবা শাক-পাচলি বাগিছাত কাম কৰিছিল। তাহানি তেওঁক কোৰ্ট পেন্টলুন পিন্ধি বাগিচাত কোৰ ধৰা দেখি লৰাবিলাকে ফিচিঙাফিচিঙি কৰা এতিয়াও মনত পৰে। লৰাবিলাকক তেওঁব টোলৰ ময়দানত খেলিবলৈ দিছিল। ইমান লৰাৰ কোঢ়ালতো তেওঁ দিগ নেপাইছিল। এসময়ত তেওঁ লৰাবিলাকক ভালকৈ ব্যায়াম শিক্ষা দিবলৈ ডেকা অভয়শঙ্কৰ গুহক লগাই দিছিল। তেতিয়া অভয়শঙ্কৰ তেওঁৰ লগত আসাম নিউচৰ সহকাৰী সম্পাদক আছিল। ই প্ৰায় ৩২ বছৰ আগৰ কথা। হেমচন্দ্ৰ বৰুৱা আৰু ৰাষ্ট্ৰ, কাৰ্য্য হেমচন্দ্ৰ বৰুৱা বিশেষকৈ সাহিত্যিক আছিল। পেসন লোৱাৰ পিছত তেওঁ লিখা-পঢ়া কৰিয়ে সময় কটাইছিল। স্থানীয় সাধাৰণৰ কাৰ্য্যত তেওঁ যোগ দিয়া নাছিল। আসাম নিউচৰ সম্পাদক হৈয়েই যি তেওঁ ৰাজনীতি আলোচনা কৰিছিল। ৰাজনৈতিকৰ Give and take policy তেওঁৰ নাছিল, গতিকে ৰাজনীতি ক্ষেত্ৰত তেওঁৰ কেতিয়াও কৃতকাৰ্য্য হবৰ সম্ভাৱনা নাছিল। সেইবাবে তেওঁ স্থানীয় লোকেলবোৰ্ড নাইবা মিউনিচিপেলিটিত মেম্বৰ হবলৈ যত্ন কৰা নাছিল। অলপো কানিৰ কমিশ্যনলৈ তেওঁ গৱৰ্ণমেন্টৰপৰা