সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চবিত ৮৭ দূব ঠাইত পেলাই দিয়াই ভাল। কোৱা বাহুল্য যে এই বিধান মতে কাৰ্য্য কৰা নহল। দুজন ডেকা সৎ ব্ৰাহ্মণে গোবা ব্ৰাহ্মণ সমাজৰ কঠোৰ শাসনলৈ অলপো ভয় নকৰি অতি কষ্টে তেওঁৰ শৱটি মশানলৈ নি তাতে হিন্দু নিয়মে দাহ কৰিছিল। এই কাৰ্য্যৰ প্ৰধান উৎসাহ দাতা আছিল ৺মাণিকচন্দ্ৰ বৰুৱা। শৱ সৎকাৰৰ সকলো দিহা তেওঁৱেই আগত থাকি কৰাইছিল। সেই দুজন ব্ৰাহ্মণ ডেকাৰ সৎসাহস, জাতীয় প্ৰেম আৰু নৈতিক বল খুব প্ৰশংসনীয়। তেওঁ লোকক উৎসাহ দিবলৈ আৰু পৰলোকলৈ যোৱা মহৎ- জনৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা দেখুৱাবলৈ বহুত অসমীয়া ডেকা শ্মশানলৈ গৈছিল। মৃতদেহ শ্মশানলৈ নিয়াৰ পাছত তাতে এদল বঙ্গালী ভদ্ৰলোক গৈ ওলাল। অসমীয়া হিন্দু সমাজে জাতিচ্যুত হেমচন্দ্ৰৰ মৃত দেহ স্পৰ্শ নকৰে এনে সম্বাদ পাই এ ওঁ লোকে শৱ বহন কৰিবলৈ সাজি-কাছি আহিছিল। তেওঁলোকে শ্মশানত একত্ৰিত অসমীয়া ডেকাসকলক নথৈ প্ৰশংসা কৰি আৰু অসমীয়া গোৰাদলক নথৈ নিন্দা কৰি গুচি গ'ল। হেমচন্দ্ৰ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা মাণিকচন্দ্ৰ বৰুৱাই হেমচন্দ্ৰৰে লগলাগি বাতৰি কাকত “আসাম নিউচ” প্ৰকাশ কৰে। হেমচন্দ্ৰ বৰুৱা সেই কাকতৰ সম্পাদক আছিল। মাণিকচন্দ্ৰ বৰুৱাৰ “আসাম প্ৰিন্টিং