সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৬ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত

হেমচন্দ্ৰ বৰুৱা আৰু ধৰ্ম মত কোনো লোকে তেওঁৰ ধৰ্ম্ম মতৰ কথা সুধিলে তেওঁ হাঁহি কৈছিল “মই নাস্তিক। হিন্দুৰ সাংখ্য দৰ্শনতেই ঈশ্বৰ মনা নাই”। এই কথা তেওঁ অনেকক কোৱ৷ দেখা গৈছিল। তেওঁৰ মানত নীতি আৰু ধৰ্ম্ম একে আছিল। যাৰে নৈতিক চৰিত্ৰ ভাল সেয়ে প্ৰকৃত ধাৰ্ম্মিক এনে তেওঁ বুজিছিল। ভণ্ডামি তেওঁ মুঠেই সহিব নোৱাৰিছিল। তেওঁ ৰ যেনে বিশ্বাস তেনে কাৰ্য্য কৰিবলৈ অলপো সঙ্কোচ নকৰি- ছিল। কোনো সাম্পূ দায়িক ধৰ্ম্ম মতলৈ তেওঁৰ আস্থা আছিল নোৱাৰি। তেওঁ ৰ খোৱা লোৱাত বুলি একেবাৰেই কব কোনো বিচাৰ নাছিল। প্ৰকাশ্যে শূদিবৰ হাতে ভাত খাইছিল, তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ আল- তেওঁৰ নিজ হাতে লিখা মৰিলে তেওঁক শৱটি কি কাকত পোৱা কৰিব লাগিব কাকো নিঘিণাইছিল। মাৰিৰ ভিতৰত এখনি গৈছিল; তাত, তেওঁ এই বিষয়ে উপদেশ লিখা আছিল। তেওঁ লিখিছিল যে জীৱশূন্য মৃত দেহটি এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ নিমিত্তে বৃথা খৰচ বা পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। মৃত দেহ মাটিত পোতা ভাল তাৰপৰা ওচৰত থকা মানুহৰ স্বাস্থ্য হানি হব পেলালে মানুহৰ খোৱাপানী দুষিত হব নহয়, কাৰণ পাৰে পানীত 3 পাৰে। এতেকে মৃত দেহটি এখন গৰুৰ গাড়ীত তুলি নি লোকৰ বাসস্থানৰপৰা