সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত ৮৫ হেমচন্দ্ৰ বৰুৱা আৰু সংস্কৃত চৰ্চ্চা ৰায় বাহাদুৰ শ্ৰীযুত কনকলাল বৰু ৱাই হেমচন্দ্ৰ বৰুৱাৰ সংস্কৃত চৰ্চ্চা, ধৰ্ম্মমত, ৺মাণিকচন্দ্ৰ বৰুৱা আৰু লগৰীয়া সকলৰ মাজত সম্বন্ধ, আৰু ৰাষ্ট্ৰ কাৰ্য্য আদি বিষয়ে এইদৰে অভিমত প্ৰকাশ কৰিছে। “হেমচন্দ্ৰ বৰু ৱাই সংস্কৃত ভালকৈ জানিছিল। সংস্কৃতত তেওঁ ভাল শ্লোক ৰচনা কৰিব পাৰিছিল। চাৰ ষ্টুয়াৰ্ট বেলী চিফ কমিশ্যনৰ হৈ অহাত তেওঁৰ অভ্যৰ্থনা উপলক্ষে তেওঁ এটি শুৱলা সংস্কৃত কবিতা ৰচনা কৰিছিল। ৰায় বাহাদুৰ জগন্নাথ বৰুৱাৰ সেই কবিতাটি মুখস্থ আছিল। তাহানি গুৱাহাটীলৈ পণ্ডিতা ৰমাবাই আহোঁতে তেওঁ নিজে ৰচা সংস্কৃত কবিতা এটি ৰমাবাইৰ আগত মাতি শুনাইছিল। ৰমাবাইয়ে ঠিক তেনেদৰেই তাৰ উত্তৰ দিছিল। গুৱাহাটীৰ নৰ্ম্মাল স্কুলৰ অধ্যাপক নাৰায়ণ বিদ্যাভূষণেৰে সৈতে তেওঁ প্ৰায়েই সংস্কৃত চৰ্চ্চা কৰি থকা দেখা গৈছিল। কামৰূপৰ পুৰণি সংস্কৃত পুথি উদ্ধাৰ কৰা কাৰ্য্যত ৰাজা ৰাজেন্দ্ৰলাল মিত্ৰই তেওঁৰপৰা বিশেষ সহায় পাইছিল। এই কাৰ্য্যৰ বাবে তেওঁ গবৰ্ণমেন্টৰপৰা অলপ অৰ্থ সাহায্যও পাইছিল।