সমললৈ যাওক

পৃষ্ঠা:হেমকোষ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসাঠন্
অসুখ্-অশাঁতি।
৫৪

নহয় + সহ্য, সহিব পৰা) অসহনীয়, সহিব নোৱৰা, intolerable, unbearable, insufferable.

অসাঠন্, বি. (অং. অ, নথকা + সাঠন, শক্তি) অসমৰ্থ, সমৰ্থ-নোহোৱা, সাঠন-নথকা; যেনে, অসাঠন মানুহ, incapable, unable, incompetent.

অসাদৰ্, স.শ. (অং অ, নাই + সাদৰ, চেনেহ) অনাদৰ্, চেনেহৰ অভাব, disregard, absence of affection.

অসাধাৰণ্, বি. (সং. অসাধাৰণ, অসামান্য — অ, নহয় + সাধাৰণ, সামান্য) অসামান্য, বিশেষ, uncommon.

অসাধু, বি. (সং. অসাধু, অসত -- অ, নহয় + সাধু, সন্ত) অধৰ্মী, দুষ্ট, অসত, dishonest, wicked.

অসাধ্য, বি. (সং. অসাধ্য, সাধ্যৰ বাহিৰ -- অ, নহয় + সাধ্য, কৰিব পৰা) কৰিব নোৱাৰা, সাধ্য বা শক্তিৰ বাহিৰ; আৰোগ্য কৰিব নোৱাৰা; যেনে, অসাধ্য ৰোগ, incapable of being accomplished; incurable.

অসামন্য, বি. (সং. অসামন্য, অসাধাৰণ -- অ, নহয় + সামান্য, সাধাৰণ) অসাধাৰণ, বিশেষ, সদায় পোৱা বা দেখা বস্তুতকৈ বেলেগ, uncommon.

অসাৰ্, বি. (সং. অসামান্য, আকৰ্ম্মণ্য -- অ, নাই + সাৰ, লাগতিয়াল ভাগ) অলপ দিন থকা, শীদ্ৰে নষ্ট হোৱা; যেনে, অসাৰ দেহ বা জীৱন; অকামিল; যেনে, অসাৰ বস্তু; সাৰ নথকা, ভিতৰৰ ভাগ টান নোহোৱা; যেনে, শিমলু অসাৰ, not lasting, useless; having no heart, as a tree.

অসাৰতা, গু. শ. (সং.) অকামিলা হোৱা, worthlessness.

অসাৰ্থক্‌, বি. (সং. অসাৰ্থক, নিষ্ফল -- অ, নহয় + সাৰ্থক, সফল) নিষ্ফল, ব্যৰ্থ, অবাব, fruitless, vain.

অসাৱধান্, বি. (সং. অসাৱধান -- অ, নহয় + সাৱধান, মন-দিয়া) অমনোযোগী, মন-নিদিয়া, তত নথকা; অসষ্টম্, careless.

অসাৱধানতা, গু. শ. (সং.) মানোযোগৰ অভাৱ, সাৱধান নোহোৱা অৱস্থা, carelessness.

অসাহজিক্, বি. (অং. অ, নহয় + সাহজিক, সদায় হোৱা বা দেখা) অসাধাৰণ, সদায় নোহোৱা; আগেয়ে অভ্যাস-নকৰা, unusual; not practical, unaccustomed.

অসাহসিক্, বি. (সং. অসাহসিক, সাহ-নথক -- অ, নহয় + সাহসিক, সাহিয়াল) ভয়তুৰ, সাহ-নথকা, timid.

অসাক্ষাত্, বি. ( সং. অসাক্ষাত, আগত-নথকা -- অ, নহয় + সাক্ষাত, দেখা) আগত নথকা, অনুপস্থিত, not present, স.শ. আগত নথকা কাল; যেনে, অসাক্ষাতত কাৰো দুৰ্য্যশ নকৰা, absence.

অসিদ্ধ, বি. (সং. অসিদ্ধ, সিদ্ধ নোহোৱা -- আ, নহয় + সিদ্ধ, সম্পন্ন) অসম্পন্ন; যেনে, বাঞ্ছা অসিদ্ধ হল; প্ৰমণ-নথকা, সপ্ৰমাণ-নোহোৱা; যেনে, অসিদ্ধ আপত্তি গ্ৰাহ্য নহয়; নিস্ফল; যেনে, অসিদ্ধ যত্ন; নিসিজা বা নিসিজোৱা; যেনে, অসিদ্ধ অন্ন, unaccomplished; not proved; void, vain; uncooked, un-boiled.

অসিদ্ধি, স.শ. সিদ্ধিৰ অভাৱ, অসম্পন্নতা, failure.

অসীম্, বি. (সং, অসীম, সীমাহীন -- অ, নাই + সীমা, অন্ত) অন্ত-নথকা, অশেষ, boundless, endless.

অসুখ্, স.শ. (সং. অসুখ, সুখৰ অভাৱ -- অ, নাই + সুখ, দুখৰ অভাৱ) দুখ, বেজাৰ, সুখ নথকা অৱস্থা, অলপ অস্বস্থতা, distress, sorrow, uneasiness, indisposition.

অসুখ-অশাঁতি, স.শ. সুখ আৰু শাস্তি অভাৱ, মনৰ বা শৰীৰৰ দুখ, absence of rest and ease, distress of mind or body, want of peace.