পৃষ্ঠা:হেমকোষ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অযুগ্ম
অৰিহণা
৪২

অযুগ্ম(-জু-), বি. (সং. অযুগ্ম, বিযোৰ -- অ, নহয় + যুগ্ম, যোৰ) বিযুৰীয়া, অকলসৰীয়া, single, odd.

অযুত(-জু-), সংখ্যা (সং. অযুত, দহ হেজাৰ -- অ, ন + যত্, গণনা কৰ্) দহ হেজাৰ, ten thousand.

অযোগ্য(-জো-), বি. (সং. অযোগ্য, অনুপযুক্ত -- অ, নহয় + যোগ্য, উপযুক্ত) উপযুক্ত-নোহোৱা, অপাত্ৰ, unfit.

অযোগ্যতা(-জো), গু.শ. উপযুক্ত-নোহোৱা অৱস্থা, unfitness.

অযোধ্যা(-জো-), স.শ. (সং. অযোধ্যা, এখান নগৰ -- অ, নহয় + যোধ্য়া, যুজিব পৰা) সৰযূ নদীৰ তীৰত থকা সূৰ্য্যবংশী ৰজাবিলাকৰ নগৰ (তাৰ বিৰুদ্ধে কেওঁৱে যুজিব নোৱাৰিছিল, এতেকে সেই নাম) Oudh.

অযোনি-সম্ভৱ, বি. (সং. অযোনি-সম্ভৱ -- অ, নহয় + যোনি-সম্ভৱ, গৰ্ভত উৎপন্ন) মানুহ বা জন্তুৰ গৰ্ভৰ পৰা নজন্মা, স্ত্ৰী পুৰুষৰ সংযোগ নোহোৱাকৈ উৎপন্ন, not begotten by a male upon a female. (স্ত্ৰী) অযোনি-সম্ভৱা।

অৰখীয়া, বি. (অং. অ, ন + ৰখীয়া, ৰাখোঁতা) ৰখীয়া-নথকা, having no one to look after.

অৰণ্য, স.শ. (সং. অৰণ্য, হাবি -- ঋ, গতি কৰ্ + অন্য়, প্ৰত্য়য়) হাবি, জাৰণি, a jungle, a forest.

অৰতি, স.শ. (সং. অৰতি, স্পৃহা নথকা -- অ, নাই + ৰতি, স্পৃহা) ৰাপ নথকা, অৰুচি, অনাস্তিক, dislike, disregard.

অৰবিন্দ, স.শ. (সং. অৰৱিন্দ, পদ্ম - অৰ, শীঘ্ৰে + ৱিন্দ, প্ৰাপ্ত হ) পদ্ম, পদুম, a lotus.

অৰবিন্দ-লোচন্, স.শ. (সং. অৰৱিন্দলোচন -- অৰবিন্দ, পদ্ম + লোচন, চকু) পদুমৰ দৰে শুৱনি চকু যুক্ত লোক, বিষ্ণু, one having lotus-like or lovely eyes, Vishnu.

অৰসিক্‌, বি. (সং. অৰসিক, ৰস-নুবুজা -- অ, নহয় + ৰসিক, ৰস-বুজা) ৰস বোধ নথকা, devoid of fine feeling.

অৰক্ষক্, বি. (সং. অৰক্ষক, ৰক্ষকহীন -- অ, নাই + ৰক্ষক, ৰখীয়া) ৰখীয়া-নথকা, উদং-মেলা, উদঙ্গীয়া, having no protector or keeper.

অৰক্ষা, স.শ. (সং. অৰক্ষা, ৰক্ষাহীনতা -- অ, নাই + ৰক্ষা, আশ্ৰয়) ৰক্ষা-নথকা, ৰক্ষাৰ অভাৱ, ৰক্ষাৰ উপায় নথকা অৱস্থা, absence of protection.

অৰক্ষিত্, কৃদ.বি. (সং. অৰক্ষিত, নৰখা -- অ, নহয় + ৰক্ষিত, ৰখা) ৰক্ষিত-নোহোৱা, ৰক্ষা-নকৰা, unprotected, not looked after.

অৰাজক্, বি. (সং. অৰাজক -- অ, নাই + ৰাজন্, ৰজা) ৰজা-নথকা; সুশাসন-নথকা; যেনে, অৰাজক দেশ বা কাল, without a king; anarchical (said of a period or country). স.শ. ৰজা-নথকা কাল, an interregnum.

অৰাজকতা, গু.শ. ৰজাৰ অভাৱ, সুশাসন-নথকা অৱস্থা; ৰজা-নথকা কাল, anarchy; want of government; an interregnum.

অৰাজ্য, অৰাজ্‌, স.শ. (সং. অ, নহয় + ৰাজ্য, দেশ) মানুহৰ বসতি নোহোৱা ঠাই, ডাঙ্গৰ হাবি, a wilderness.

অৰি, স.শ. (সং. অৰি, শত্ৰু -- ঋ, গতি কৰ্) শত্ৰু, an enemy.

অৰিয়াঅৰি, স.শ. (অং. আৰি, আনক পৰাস্ত কৰিবৰ চেষ্টা) এটাতকৈ আনটোৰ ভাল হবৰ কাৰবাৰ, আন এটাকৈ আপুনি ভাল হবৰ উদ্যোগ, বগিয়াবগি; এটাৰে আনটোৱে আৰি মৰা কাৰ্য্য, emulation, rivalry; the act of betting with one another.

অৰিহণা, স.শ. (সং. অৰ্হণা, পূজা, অৰ্চ্চনা), কোনো ধৰ্ম্ম-কাৰ্য্যৰ অন্তত সেই কৰ্ম্ম সম্পূৰ্ণ হবৰ নিমিত্তে দান কৰা ধন আদি, দক্ষিণা, an offering made to the officiating priest at the end of a religious rite.