পৃষ্ঠা:হেমকোষ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অৰীতি
অৰ্থ
৪৩

অৰীতি, স.শ. (সং. অৰীতি, ৰীতিৰ বিৰুদ্ধ কাম -- অ, নহয় + ৰীতি, আচাৰ) অনাচাৰ; শাস্ত্ৰৰ বিৰুদ্ধ আচাৰ, improper conduct, conduct opposed to rules.

অৰীতীয়া, বি. অনাচাৰী, শাস্ত্ৰৰ নিয়মৰ বিৰোধে প্ৰবৰ্ত্তা, heterodox. স.শ. শাস্ত্ৰৰ বিৰুদ্ধ এটা নতুন মতত প্ৰবৰ্ত্তা হিন্দু, one of a sect of Hindus holding doctrines opposed to the shastras.

অৰুচি, স.শ. (সং. অৰুচি, খাবৰ অনিচ্ছা -- অ, ন + ৰুচ্, দীপ্তি কৰ্‌) ৰুচিৰ অভাৱ, খাবলৈ মন নোযোৱা বা আহাৰ মুখত বেয়া লগা গুণ, distaste, dislike of food; dislike.

অৰুণ্, স.শ. (সং. অৰুণ, সূৰ্য্যৰ সাৰথি -- ঋ, গতি কৰ্) এটা কল্পিত চৰাই, সি কাশ্যপৰ পুতেক, গৰুড়ৰ ককায়েক আৰু সূৰ্য্য়ৰ সাৰথি বুলি পুৰাণত লিখা আছে; সূৰ্য্য়, a fabulous bird supposed to be a son of sage Kasyapa, and the charioteer of the sun; the sun.

অৰুণোদয়, স.শ. (সং. অৰুণোদয় -- অৰুণ, সূৰ্য্য + উদয়, ওলোৱা) সূৰ্য্যৰ উদয়, বেলি ওলোৱা; প্ৰত্যূষ-কাল, নিচেই ৰাতি-পুৱা, sunrise, the dawn.

অৰুন্ধতী, স.শ. (সং. অৰুন্ধতী -- অ, ন + ৰুধ্, বাধা কৰ্‌), সাতোটা তৰাযুক্ত এটা মণ্ডলৰ ভিতৰৰ এটা তৰাৰ নাম; সেই তৰা কৰ্দ্দম ঋষিৰ জীয়েক আৰু বশিষ্ঠৰ ভাৰ্য্যা বুলি খ্যাত, one of the Pleiades.

অৰে, স.অব্য. (সং. অৰে, অব্য.) নীচ বা ইতৰ মানুহক মতা মাত; যেনে, অৰে মুৰ্খ, a particle used in addressing a low person.

অৰোগিতা, গু.শ. (সং. অৰোগিতা, ৰোগ-শূন্য়তা -- অ, নহয় + ৰোগিন্, ৰুগীয়া) নিৰোগী অৱস্থা, আৰোগ্য, health.

অৰোগী, বি. (সং. অৰোগিন্, নিৰোগ -- অ, নহয় + ৰোগিন্, নৰিয়া) ৰোগে নধৰা, সুস্থ, নিৰোগী, healthy. স.শ. নিৰোগী লোক, a healthy person. (স্ত্ৰী) বি. স.শ. অৰোগিনী।

অৰ্ঘ, স.শ. (সং. অৰ্ঘ, পূজা --- অৰ্হ্‌, পূজা কৰ্) মান্য মানুহ বা দেৱতা ঘৰলৈ আহিলে তেওঁৰ বাটৰ ভাগৰ গুচাবৰ কাৰণ মূৰত ছটিয়াবলৈ দিয়া পানী; পূজা, water offered to a God or respectable person come to one's house for the purpose of sprinkling on the head to cool himself; worship.

অৰ্ঘ দি, আশা এৰ (যাৰ আশা এৰা যায় তাৰ সপ্তমী বিভক্তি হয়); যেনে, সেই ধনত সি অৰ্থ দিছে, to give up the hope of gaining, to relinquish, as unobtainable.

অৰ্ঘা, স.শ. (সং. অৰ্ঘ-পাত্ৰ) অৰ্ঘ দিওঁতে বা পূজা কৰোতে দেৱতাক পানী দিয়া এটা সৰু পাত্ৰ, a small vessel used for offering water to a god.

অৰ্চ্চক্, স.শ. (সং. অৰ্চ্চক, পূজক -- অৰ্চ্চ, পূজা কৰ্‌) পূজা- কৰোঁতা, a worshipper.

অৰ্চ্চনা, স.শ. (সং.) পূজা, worship.

অৰ্চ্চনীয়, বি. (সং) পূজা কৰিবৰ যোগ্য, মান্য়, venerable.

অৰ্চ্চিত্, কৃদ.বি. পূজিত, যাক পূজা কৰা যায়, worshipped.

অৰ্জ্জা, কৃদ. বি. (অং. আৰ্জ, লাভ কৰ্) পৰিশ্ৰম কৰি লাভ কৰা, ঘটা, উপাৰ্য্যন-কৰা, earned, acquired. কৃদ.স. ঘটন, the act of earning or acquiring.

অৰ্জ্জন্, কৃদ.স. (সং. অৰ্জন, ঘটন -– অৰ্জ্‌, লাভ কৰ্) ঘটন; উপাৰ্জন, the act of earning ; gain.

অৰ্জ্জুন, স.শ. (সং. অৰ্জুন, এজন পাণ্ডৱ -- অৰ্জ্, লাভ্ কৰ্) পাঁচ পাণ্ডবৰ তৃতীয় জন; এবিধ গছ; one of the Pandavas; a tree (Pentaptera Arjuna)

অৰ্ণৱ, স.শ. (সং. অৰ্ণৱ, সাগৰ –– অৰ্ণস্‌, পানী) সাগৰ, the ocean.

অৰ্থ, স.শ. (সং. অৰ্থ, ধন -- ঋ, গতি কৰ্) কোনো শব্দ যি বস্তু বা কাৰ্য্য় বুজায়,