পৃষ্ঠা:হেমকোষ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অম্বষ্ঠ
অযুগুত
৪১

নোহোৱা; যেনে, অমোঘ বাক্য, infallible, not liable to fail.

অম্বষ্ঠ, স.শ. (সং. অম্বষ্ঠ, বৈদ্য-জাতি -- অম্বা, মাতৃ + স্থা, থাক্; মাকৰ কুলতে থাকে, এতেকে) ব্ৰাহ্মণৰ পৰা বৈশ্যাৰ গৰ্ভত হোৱা সন্তান, বঙ্গদেশৰ বৈদ্য-জাতিৰ মানুহ, a son of a Brahman by a Vaisya woman, a man of the Vaidya caste of Bengal.

অম্বিকা, স.শ. (সং. অম্বিকা, দুৰ্গা -- অম্বা, মাতৃ; তেওঁ সকলোৰে মাক, এতেকে) পাৰ্ব্বতী, দুৰ্গা, a name of Durga.

অম্বুজ্, স.শ. (সং. অম্বুজ, পদ্ম -- অম্বু, পানী + জন্, উৎপন্ন হ) পদ্ম, পদুম, a lotus.

অম্বুবাচী, স.শ. (সং. অম্বুৱাচী, ষাঁঠ -- অম্বু, পানী + ৱচ্, কথা ক) ষাঁঠ, আহাৰ-মাহত পৃথিবী ৰজস্বলা হোৱা চাৰি দিন, four days in Assarh when the earth is supposed to be unclean.

অম্ল, বি. (সং. অম্ল, টেঙ্গা -- অম্, পীড়িত হ) টেঙ্গা, acid.

অম্লপিত্ত, স.শ. (সং. অম্লপিত্ত, টেঙ্গা-পানী-উঠা ৰোগ -- অম্ল, টেঙ্গা + পিত্ত, পিত) পিত-কামোৰণি, বুকত কামোৰা ৰোগ, টেঙ্গা-পানী-উঠা ৰোগ, acidity of stomach.

অম্লান্, বি. (সং. অম্লান, নিৰ্ম্মল -- অ, নহয় + ম্লান, মলিন) নিৰ্ম্মল, নিকা; সঙ্কোচিত নোহোৱা (মুখত খাটে); যেনে, অম্লান মুখেৰে এই কথা কলে, clean; not shrinking.

অযতন্(-জ-), স.শ. (সং. অযত্ন, হেলা) চেষ্টাৰ অভাৱ, হেলা, inaction, neglect.

অযতনে(-জ-), ক্ৰি.বি. যতন নকৰাকৈ, হেলাৰাঙ্গে, easily, without much trouble or exertion.

অযত্ন(-জ-), (সং. অযত্ন, হেলা -- অ, নাই + যত্ন, চেষ্টা) অযতন, হেলা, absence of exertion or effort, inaction, neglect.

অযথাৰ্থ(-জ-), বি. (সং. অযথাৰ্থ, মিছা -- অ, নহয় + যথাৰ্থ, সঁচা) মিছা, false.

অয়ন্, স.শ. (সং. অয়ন, পথ -- ই, গমন কৰ্) সূৰ্য্যে পৃথিবীৰ উত্তৰ বা দক্ষিণ ফালে গতি কৰা কাল; যেনে, উত্তৰায়ণ, দক্ষিণায়ণ, the half year in which the sun is in the north or south of the earth.

অযশ্(-জ-), স.শ. (সং. অযশ, দুৰ্নাম -- অ, বেয়া + যশ, খ্যাতি) অখ্য়াতি, অপযশ, দুৰ্নাম, infamy.

অযাচিত্(-জা-), কৃদ. বি. (সং. অযাচিত, নোখোজা -- অ, নহয় + যাচিত, খোজা) নোখোজা, নমগা; যেনে, অযাচিত দান, unasked for.

অযাচিতে(-জা-), ক্ৰি.বি. (অং.) নোখোজাকৈ, নিবিচৰাকৈ; যেনে, খাটনিৰ বানচ অযাচিতে পাম, without asking or searching for.

অযাতৰীয়া(-জা-), বি. (সং. অযাত্ৰা, অশুভ যাত্ৰা) কোনো ঠাইলৈ যাবৰ সময়ত দেখিবৰ অযোগ্য বা দেখিলে অশুভ-ঘটোৱা, inauspicious or foreshowing evil if seen at the time of entering upon a journey.

অযাত্ৰা(-জা-), স.শ. (সং. অযাত্ৰা, অশুভ যাত্ৰা -- অ, বেয়া + যাত্ৰা, গমন) অশুভ যাত্ৰা, কোন ঠাইলৈ যাবৰ নিমিত্তে শুভ নোহোৱা দিন বা সময়; যেনে, অযাত্ৰাত গলে আপদত পৰা যায় বা কাৰ্য্য়-সিদ্ধি নহয়, an inauspicious day or moment to enter upon a journey.

অযুক্তি(-জু-), স.শ. (সং. অযুক্তি, যুক্তি-বিৰুদ্ধ কথা -- অ, নহয় + যুক্তি, ঔচিত্য) অন্যায় বা অনুচিত কথা বা উক্তি, unreasonableness, want of conformity to correct principles.

অযুগুত(-জু-), বি. (সং. অযুক্ত, অনুচিত) অন্য়ায়, অনুচিত, improper, unreasonable.