পৃষ্ঠা:হেমকোষ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অমনুষ্যতা
অমায়া
৩৯

মানুহ নামৰ অযোগ্য লোক, a person not deserving the name of man, an ignorant, low person.

অমনুষ্যতা, গু.শ. মনুষ্যৰ অযোগ্য গুণ, unmanliness.

অমনোযোগ্, স.শ. (সং. অমনোযোগ, আওহেলা -- অ, নাই + মনোযোগ, মন-লগোৱা) আওকাণ, মন-নিদিয়া, মনোযোগৰ অভাৱ, inattention.

অমনোযোগী, বি. মনোযোগ-নকৰা, inattentive.

অমৰ্, বি. (সং. অমৰ, নমৰা -- অ, ন + মৃ, মৰ্‌) নমৰা, মৃত্যুৰ বাজ, immortal. স.শ. দেৱতা, স্বৰ্গৰ লোক, a god, a deity.

অমৰত্ব, গু.শ. দেৱত্ব; নমৰা অৱস্থা, immortality.

অমৰম্, স.শ. (অং. অ, নাই + মৰম, চেনেহ) মৰমৰ অভাৱ, নিষ্ঠুৰতা, unkindness, disfavour.

অমৰাৱতী, স.শ. ( সং. অমৰাৱতী, ইন্দ্ৰপুৰী -- অমৰ, দেৱতা + ৱতৃ, যুক্ত) দেৱতা বিলাক থকা ঠাই, ইন্দ্ৰৰ নগৰ, স্বৰ্গৰ ৰাজধানী, the capital of Indra's heaven.

অমৰ্য্য়তা, অমৰ্য্য়দা, স.শ. (সং. অমৰ্য্যাদা, অপমান) অমৰ্য্যাদা, অসম্ভ্ৰম, লঘুকৰণ, অপমান, insult, indignity, disrespect.

অমৰ্য্য়তালি, গু.শ. মান-নথকা মানুহৰ নিচিনা আচৰণ, নীচ মানুহৰ নিচিনা ব্যৱহাৰ; অপমান, meanness; insult.

অমৰ্য্য়াত্, বি. (অং. অ, নাই + মৰ্য্যাত, মান) মৰ্য্যাত-নথকা, আপোনাৰ মান আপুনি নৰখা, নিলাজ, মান হেৰোৱালৈ ভয় নকৰা, dishonourable, mean.

অমাত্, বি. (অং. অ, নাই + মাত, কথা) কথা কব নোৱৰা, বাক্যশক্তিহীন; যেনে, অমাত জন্তু; পীড়াৰ দ্বাৰা কব নোৱৰা হোৱা ; যেনে, নৰিয়া অমাত, speechless, unable to utter or articulate sounds; unable to speak owing to illness or want of sense. স.শ. মানুহৰ দৰে কথা কব নোৱৰা প্ৰাণী; যেনে, অমাতৰ মাত কোনে বুজিব? স.শ. কথা কব নোৱৰা মানুহ, a mute, one who is speechless from physical defects.

অমাতৃক, বি. (সং. অমাতৃক, মাতৃহীন -- অ, নাই + মাতৃক, মাক থকা) মাক-নথকা, motherless.

অমানুষিক্, বি. (সং. অমানুষিক -- অ, নহয় + মানুষিক, মানুহৰ) মানুহৰ নোহোৱা; মানুহে কৰিব নোৱৰা; যেনে, অমানুষিক-ৰূপ, অমানুষিক কাৰ্য; superhuman.

অমানুহ্, স.শ. (সং. অমানুষ, মনুষ্যত্বহীন) জ্ঞানবিদ্যাহীন মানুহ, গুণ-নথকা ইতৰ লোক; যেনে, ভাল গুণে কৰে মানুহ, অভাৱে তাৰ অমানুহ, অমানুহ মানুহ হৈছে, a worthless person, an ignorant, low fellow.

অমান্তি, বি. (অং. অ, নহয় + মান্তি, সন্মত) অসন্মত, সৈমান নোহোৱা, dissentient, dissenting. স.শ. অসম্মতি, dissent, unwillingness.

অমান্য়, বি. (সং. আমান্য়, সন্মানৰ অযোগ্য -- অ, নহয় + মান্য়, মাননীয়) মানিবৰ অযোগ্য, সন্মান কৰিব নলগা; বিশ্বাসৰ অযোগ্য; যেনে, প্ৰমাণ-নথকা কথা অমান্য, unfit to be respected, not to be regarded; untrustworthy.

অমাবাস্য়া, স.শ. (সং. অমাৱাস্য়া, আঁউহী -- অমা, চন্দ্ৰত পৰা সূৰ্য্যৰ দীপ্তি + ৱস্, নিবাস কৰ্‌; সেই দিনা চন্দ্ৰ সূৰ্য্যৰ সেই ৰশ্মিতে বাস কৰে, থাকে, এতেকে) আঁউহী, জোন-মৰা তিথি, the day of the conjunction of the sun and moon. দশমী শব্দৰ তলৰ চূৰ্ণিকা চোৱাঁ।

অমায়া, বি. (সং. অমায়া, মায়া বা ভ্ৰম-শূন্য় -- অ, নাই + মায়া, মিছাত সঁচা-জ্ঞান, ভ্ৰম) ভ্ৰম নথকা, সত্য; সৰল, উদাৰ, অকপট; যেনে, অমায়া ভকত, free from illusion or error; real, sincere.