পৃষ্ঠা:হেমকোষ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অভেদ্
অমনুষ্য
৩৮

নহয়, + ভুক্ত, খোৱা) নোখোৱা যেনে, অভুক্ত বস্তু; অনাহাৰী, যেনে, অভুক্ত অতিথি, uneaten; not eating, fasting.

অভেদ্, বি. (সং. অভেদ, অভিন্ন -- অ, নহয় + ভেদ্‌, বেলেগ) অভিন, প্ৰভেদ নথকা, having no difference, identical, the same.

অভেদ্য, বি. (সং. অভেদ্য, ভেদিব নোৱৰা -- অ, নহয় + ভেদ্য়, ভেদিব পৰা -- ভিদ্, ভেদন্ কৰ্ ) ভেদিব নোৱৰা, টান, দৃঢ়, not to be broken or penetrated, hard.

অভেদ্যতা, গু.শ. ভেদিব নোৱৰা গুণ, impenetrability.

অভোজ্য, অভোজনীয়, বি. (সং. অভোজ্য়, অভোজনীয়, অখাদ্য -- অ, ন + ভুজ্, খা) খাবৰ অযোগ্য, অখাদ্য়, not fit for food, forbidden as food.

অভ্যন্তৰ্, স.শ. (সং. অভ্যন্তৰ, গোটেই ভিতৰ -- অভি, উপস. + অন্তৰ, ভিতৰ) নিচেই ভিতৰৰ ভাগ, অন্তেস্‌পূৰ, inner part; an inner apartment.

অভ্যৰ্থনা, স.শ. (সং. অভ্যৰ্থনা, সমাদৰ -- অভি, উপস. + অৰ্থ, প্ৰাৰ্থনা) ঘৰলৈ অহা মানুহক কৰা সমাদৰ, civil reception.

অভ্যস্ত, কৃদ.বি. (সং. অভ্যস্ত, সহজ-হোৱা -- অভি, পুনঃ পুনঃ + অস, নিক্ষেপ কৰ্) অভ্যাস কৰা, সহজ-হোৱা; যেনে, অভ্যস্ত কথা সোনকালে পাহৰা নেযায়, practised, studied.

অভ্যাগত্, স.শ. (সং. অভ্যাগত, আলহী -- অভি, সমুখলৈ + আগত, অহা) অতিথি, আলহী, a guest, a visitor, a stranger come to the house of some one. বি. লোকৰ ঘৰলৈ অহা, আলহী-হোৱা; যেনে, অভ্যাগত লোক, coming on a visit to another.

অভ্যাস্, স.শ. (সং. অভ্যাস, পুনঃ পুনঃ আচৰণ -- অভি, উপস. + অস্, গতি কৰ্‌) শিকিবৰ নিমিত্ত পুনঃ পুনঃ কৰণ; সদায় কৰা আচৰণ; যেনে, “অভ্যাসৰ নৰ, কৰ্ণ পথে কৰে শৰ," study, practice, exercise.

অভ্যুৎথান্, কৃদ.স. (সং. অভ্যুৎথান, থিয়হৈ সন্মান-কৰণ -- অভি, উপস. + উৎথান, উঠা) ওচৰলৈ অহা কোনো লোকক সন্মান দেখাবলৈ থিয় হোৱা কাৰ্য্য, the act of rising from a seat as a mark of respect.

অভ্যুদয়্, স.শ. (সং. অভ্যুদয়, সম্পত্তি -- অভি, উপস. + উদয়, ওপৰলৈ উঠা) সুখ-সম্পত্তি; শ্ৰীবৃদ্ধি, উন্নতি, prosperity, wealth.

অভ্ৰ, স.শ. (সং. অভ্ৰ -- অপ্, পানী + ভ্ৰ, ধাৰণ কৰা) বালিচন্দা, এবিধ আকৰত হোৱা পাতল তৰপীয়া জলজলীয়া বস্তু, talc or mica.

অভ্ৰান্ত, বি. (সং. অভ্ৰান্ত, ভ্ৰমশূন্য় -- অ, নহয় + ভ্ৰান্ত, ভ্ৰমযুক্ত) ভ্ৰমশৃন্য়, ভ্ৰম নকৰা, নিৰ্ভুল; নেপাহৰা, not in error, not mistaken; unforgetful.

অমঙ্গল্, স.শ. (সং. অমঙ্গল, আপদ -- অ, নহয় + মঙ্গল, শুভ) আপদ, বিপদ, দুৰ্দ্দশা; অশুভৰ লক্ষণ বা চিন, উৎপাত; যেনে, অমঙ্গল ঘটিছে, কিবা অশুভ হব. ill luck, misfortune, calamity, an evil omen.

অমঙ্গলীয়া, বি. (সং. অমঙ্গল + অং. ঈয়া. প্ৰত্যয়) আপদীয়া, অশুভশূচক, inauspicious.

অমত্, বি. (সং. অমত, অমান্তি -- অ, নহয় + মত, বাঞ্ছা) ইচ্ছা নকৰা, মত-নিদিয়া, অমান্তি, অসন্মত, disagreeing, unwilling. স.শ. বাঞ্ছাৰ অভাৱ, অসন্মতি, unwillingness.

অমতে, আ. অব্য. মত-নোহোৱাকৈ, অসন্মতিত; যেনে, বাপেকৰ অমতে চলা পুতেকৰ ভাল নহয়, without consent or against will of.

অমনুষ্য, স.শ. (সং. অমনুষ্য, অমানুহ -- অ, নহয় + মনুষ্য, মানুহ) অমানুহ,