পৃষ্ঠা:হেমকোষ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অমায়া-পুৰি
অমোঘ্
৪০

অমায়া-পুৰি, স.শ. (সং. অমায়া, ভ্ৰমশৃন্য় + পুৰি, নগৰ) স্বৰ্গ, দেৱলোক, heaven.

অমায়া-সুখ, স.শ. (সং. অমায়া, ভ্ৰমশৃন্য়, সত্য + সুখ, সন্তোষ) সত্য় সুখ, স্বৰ্গৰ সুখ, real happiness, heavenly bliss.

অমাৰ্জিত্, বি. (সং. অমাৰ্জিত, নমজা -- অ, নহয় + মাৰ্জিত, মজা) ঘঁহি মাজি পৰিষ্কাৰ নকৰা; যেনে, অমাৰ্জিত পাত্ৰ; শিক্ষা আৰু বিদ্যা-চৰ্চ্চাৰ দ্বাৰা চোকা-নকৰা; যেনে, অমাৰ্জিত বুদ্ধি, not cleaned; not sharpened by study, as intellect.

অমিয়া, বি. (সং. অমৃত, বং. অমিয়া, দেৱতাবিলাকে পান-কৰা এবিধ মিষ্ট ৰস) অমৃতৰ তুল্য; যেনে, অমিয়া মধুৰ, ambrosial, very sweet.

অমিল্, বি. (সং. অ, নহয় + মিল, একতা) মিল নোহোৱা, একে গঢ়ৰ বা প্ৰকাৰৰ নোহোৱা, বেলেগ; যেনে, এই দুখান কাকত অমিল, at variance, not alike. স.শ. মিলৰ অভাৱ, দন্দ, বিৰোধ। যেনে দুই ভায়েকৰ মাজত অমিল হৈছে, disagreement, dispute, quarrel.

অমিশ্ৰিত্, কৃদ.বি. (সং. অমিশ্ৰিত, মিহলি-নোহোৱা -- অ, নহয় + মিশ্ৰিত, মিহলি) সান-মিহলি নোহোৱা), unmixed.

অমুক্‌, স.শ. (সং. অমুক, নাম-নোকোৱ৷ কোনো ব্যক্তি -- অমু, এই) মানুহৰ বা বস্তুৰ নামৰ সলনি ব্যৱহৃত শব্দ; যেনে, অমুকে কৈছে, অমুক লাগে, such and such person or thing. বি. নাম নোকোৱা; যেনে, অমুক মানুহ বা বস্তু, such and such. (স্ত্ৰী) স.শ. বি. অমুকী

অমুক্-তমুক্‌, স.শ. বি. (অং. অমুক + তমুক, অনুৰূ.) নাম-নোকোৱাকৈ অনেক মানুহ বা বস্তুৰ কথা কোৱাত ব্যৱহৃত শব্দ; যেনে, অমুকতমুকৰ ঘৰ; অমুকতমুক মানুহ বা বস্তু, such and such person or things; such and such.

অমুক্ত, কৃদ. বি. (সং. অমুক্ত, আবদ্ধ -- অ, নহয় + মুক্ত, মুকলি) মুকলি নোহোৱা, আবদ্ধ, not free, restrained, confined.

অমুৰি, স.শ. (অং.) উদ্ভণ্ডালি, আওখটি, আমনি; যেনে, লৰাই অমুৰি কৰি থাকিলে কাম নহয়, annoyance, vexation.

অমূৰ্ত্তক্, বি. প্ৰবল, উগ্ৰ; যেনে, বাঢ়নী-পানীৰ অমূৰ্ত্তক্ বেগ, violent.

অমূলক্, বি. (সং. অমূলক, মূলহীন -- অ, নাই + মূল, গুৰি) মূল-নথকা, উৎপত্তিৰ ঠিকনা নথকা; অনিশ্চিত; যেনে অমূলক কথা, অমূলক সম্বাদ, groundless.

অমূল্য, বি. (সং. অমূল্য, মূল্য নিশ্চয় কৰিব নোৱৰা -- অ, নাই + মূল্য, বেচ) যাৰ উচিত বেচ দিব পৰা নেযায়; এতেকে অতি উত্তম; যেনে, অমূল্য দ্ৰব্য, invaluable, excellent.

অমৃত্, স.শ. (সং. অমৃত, সুধা -- অ, নহয় + মৃত, মৰা, তাক পান কৰিলে মৰণ নহয়, এতেকে) দেৱতাবিলাকে পান-কৰা এবিধ অতি মিষ্ট ৰস, ambrosia or nectar, the water of immortality drunk by the gods.

অমৃতবৰ্ষী, বি. (সং. অমৃতৱৰ্ষিণ্, অমৃতবৰষা -- অমৃত + ৱৰ্ষিণ্, বৰষা) অমৃত-বৰষা, টোপাটোপে অমৃত-পৰা, বৰ মিঠা আৰু ৰং-লগোৱা; যেনে, অমৃতবৰ্ষী বাক্য, showering nectar, very sweet and pleasing. (স্ত্ৰী) অমৃতবৰ্ষিণী।

অমৃতা, স.শ. (সং. অমৃত, বৰ সোৱাদ বন্ধ) পকিলে বৰ সোৱাদ হোৱা এবিধ গুটি আৰু তাৰ গছ, the papaya tree and its fruit (carica papaya).

অমৃতি, স.শ. (অং. অ, নহয় + মৃত্তিকা, মাটি) গাৰ পৰা ক্ৰমে ডিঙ্গিলৈ সৰু হৈ যোৱা এবিধ তামৰ বা কাঁহৰ লোটা (সেই পাত্ৰ মাটিৰে গঢ়া নেযায়, এই কাৰণে সি সেই নাম পাইছে), a kind of water-pot.

অমোঘ্, বি. (সং. অমোঘ, অব্যৰ্থ -- নহয় + মোঘ, নিষ্ফল) অব্যৰ্থ, নিষ্ফল