পৃষ্ঠা:হেমকোষ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অবাল্চন্দ
অবিৰোধে
৩৩

প্রয়োজন-নথকা, অনাৱশ্যক; যেনে, অবাব ভৰণি, unnecessary. স.শ. কাৰণৰ বা প্ৰয়োজনৰ অভাৱ; যেনে, অবাবত পৰিশ্ৰম কৰিলোঁ, absence of cause or necessity.

অবাল্চন্দ, বি. অপাত্র, একো নজনা, অকামিলা। যেনে, অবালচন্দ মানুহ, (স্ত্রী, পুং) worthless, ignorant, unskillful.

অবিকল্, বি. (সং. অৱিকল, অঙ্গহীন নোহোৱা -- অ, নহয় + ৱিকল, অঙ্গহীন) কোনো ভাগ নেৰা বা লৰচৰ নকৰা; যেনে, অবিকল ভাঙ্গনি, অবিকল প্রতিলিপি, exact, not altered or mutilated.

অবিচাৰ্, স.শ. (সং. অৱিচাৰ, অন্যায় বিচাৰ -- অ, নহয় + ৱিচাৰ, বিবেচনা) অন্যায় বিচাৰ, বেয়া বিচাৰ, অযুগুত সিদ্ধান্ত; যেনে, ৰজাই অবিচাৰ কৰিলে উপায় কি? injustice, unjust judgment.

অবিচ্ছেদ্, বি. (সং. অৱিচ্ছেদ, বিচ্ছেদহীন -- অ, নাই + বিচ্ছেদ, ব্যৱধান) ছেদ-ভেদ নথকা, একেৰাহে হৈ থকা; যেনে, অবিচ্ছেদ বৰষুণ, incessant, uninterrupted.

অবিচ্ছেদে, ক্রি.বি. একেৰাহে, মাজত ব্যৱধান নোহোৱাকৈ; যেনে, অবিচ্ছেদে সোঁত বৈছে, uninterruptedly, without interruption.

অবিজ্ঞ, বি. (সং. অৱিজ্ঞ, মূর্খ -- অ, নহয় + ৱিজ্ঞ, জনা) মূর্খ, নজনা, অপণ্ডিত, stupid, ignorant, illiterate.

অবিজ্ঞতা, গু.শ. (সং.) মূর্খতা, ignorance.

অবিদিত্, কৃদ.স. (সং. অৱিদত, অজ্ঞাত -- অ, নহয় + ৱিদিত, জাভ ) অজ্ঞাত, নজনা, অপ্রকাশিত; যেনে, আপোনাৰ একো অবিদিত নাই, unknown.

অবিদ্যমানে, ক্রি.বি. (সং. অৱিদ্যমান, আগত নথকা) অবিহনে, বর্তমান নথকাত, in the absence or death of.

অবিধি, বি. (সং. অৱিধি, বিধিৰ বিৰুদ্ধ -- অ, নহয় + বিধি, নিয়ম) বিধিৰ বিপৰীত, contrary to rule, illegal. স.শ. অনিয়ম কার্য্য; যেনে, জ্ঞানীয়ে অবিধি নকৰে, action or conduct contrary to rule.

অবিনশ্বৰ্, বি. (সং. অৱিনশ্বৰ, অবিনাশী -- অ, নহয় + ৱিনশ্বৰ, নাশ পোৱা) কেতিয়াও নাশ নোপোৱা, অবিনাশী, সদায় থকা, imperishable, indestructible, ever-existing.

অবিনাশী, বি. (সং. অৱিনাশিন্, নাশ নোপোৱা -- অ, নহয় + ৱিনাশিন্, নাশ পোৱা) কেতিয়াও নাশ নোপোৱা, সদায় থকা, imperishable, ever-existing.

অবিনীত্, বি. (সং. অৱিনীত, বিনীত নোহোৱা -- অ, নহয় + ৱিনীত, নম্র) নম্র নোহোৱা, অহঙ্কাৰী, not humble, proud.

অবিভক্ত, বি. (সং. অৱিভক্ত, বেলেগ নোহোৱা -- অ, নহয় + ৱিভক্ত, বেলেগ) বেলেগ নোহোৱা, একেলগে থকা, undivided, living together or jointly.

অবিৰত্‌, বি. (সং. অৱিৰত, ক্ষান্ত নোহোৱা -- অ, নহয় + ৱিৰত, ক্ষান্ত) অবিচ্ছেদ, ক্ষান্ত নোহোৱা; যেনে, অবিৰত বৃষ্টি, incessant, continual. ক্রি.বি. ক্ষান্ত নোহোৱাকৈ; যেনে, অবিৰত বৰষিছে, incessantly.

অবিৰাম, ক্রি.বি. (সং. অৱিৰাম, অবিৰত -- অ, নহয় + ৱিৰাম, বিৰত) অবিশ্রান্তৰূপে, ক্ষান্ত নোহোৱাকৈ; যেনে, “ৰাম ৰাম বোলোঁ অবিৰাম,” uninterruptedly, without cessation.

অবিৰোধ্, বি. (সং. অৱিৰোধ, বিৰোধহীন -- অ, নাই + বিৰোধ, বিবাদ) বিবাদ নথকা, বিৰোধহীন; যেনে, তাৰ অবিৰোধ স্বত্ব, undisputed.

অবিৰোধে, ক্রি.বি. বিৰোধ নোহোৱাকৈ, শান্তিৰে সৈতে; যেনে, সেই মাটি অমুকে অবিৰোধে ভোগ কৰিছে, undisputedly in peace.