পৃষ্ঠা:হেমকোষ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অপ্সৰীসূতা
অবাব্
৩২

-- অ, নাই + প্ৰীতি, স্নেহ) প্ৰীতি-গুচন্, প্ৰীতিৰ অভাৱ, বিৰোধ, দন্দ; যেনে, বন্ধুৰে সৈতে অপ্ৰীতি হোৱা দুখৰ কথা, dislike, unfriendliness, misunderstanding.

অপ্সৰীসূতা, স.শ. (অং. অপেস্বৰী, স্বৰ্গৰ নাচনী + সূতা, কপাহৰ আঁহ) বতাহত উৰি ফুৰা বগা বৰণীয়া এবিধ মকৰাৰ আঁহ (আমাৰ মানুহে তাক স্বৰ্গৰ অপেশ্বৰীয়ে কটা সূতা বুলি কয়, এতেকে সেই নাম), gossamer, popularly believed to be yarn spun by the nymphs of heaven.

অফুট্, বি. (সং. অস্ফুট, অপ্রকাশ) অপ্রকাশ, গুপ্ত, লুকোৱা, hidden, having no trace.

অফুট্কৈ, ক্রি.বি. লুকাই, পলুৱাই; যেনে, কথাটো অফুটকৈ থৈছে, in a hidden manner, secretly.

অবচনীয়া, বি. (সং. অ, বেয়া + ৱচন, বাক্য) বুলিব নোপোৱা, গালি পৰা; যেনে, অমুকে তোমাক অবচনীয়া বচন বুলিছে, abusive.

অবধ্য, বি. (সং. অবধ্য, বধৰ অযোগ্য -- অ, নহয় + বধ্য, বধৰ যোগ্য়) মাৰিবৰ অযোগ্য, বধিব নোপোৱা; যেনে, গো-ব্রাহ্মণ অবধ্য; বধিব নোৱৰা, unfit to be killed, not to be put to death; what cannot be killed.

অবয়ব্, স.শ. (সং. অৱয়ব, অঙ্গ -- অৱ, উপস. + যু, লগ লগা) অঙ্গ, কোনো বস্তুৰ এভাগ, a limb, a member, a part.

অবর্ত্তমানে, আ. অব্য (সং. অৱৰ্ত্তমান, অবিদ্যমান) অবিহনে, অবিদ্যমানে; যেনে, বাপেকৰ অবর্ত্তমানে পৈতৃক ধন পুতেকে পায়, in the absence or death of.

অবশ্, বি. (সং. অৱশ, বশ-নোহোৱা) বশ নোহোৱা, আজ্ঞা নমনা; যেনে, বাপেকৰ অবশ লৰাৰ ভাল নহয়; ইচ্ছামতে লৰাব-চৰাব নোৱৰা, ঠেৰেঙ্গা; যেনে, হাত-ভৰি অবশ হৈছে, disobedient, unrestrained; stiff, paralysed.

অবাক্, বি. (সং. অৱাক, বাক্য়হীন -- অ, ন + ৱচ্, কথা ক) আচৰিত হৈ মনে-মনে থকা; যেনে, আজি-কালিৰ ডেকাবিলাকৰ আচৰণ দেখি বুঢ়াবিলাক অবাক; অমাত, নিমাত, কথা কবৰ শক্তি নথকা; যেনে, নৰিয়া অবাক, dumb-foundered, struck dumb; speechless, deprived of the power of speech.

অবাচ্য, বি. (সং. অৱাচ্য়, কবৰ অযোগ্য -- অ, নহয় + ৱাচ্য়, কবৰ যোগ্য) কব বা বুলিব নোপোৱা, লাজ-জন্মোৱা; যেনে, অবাচ্য কথা নকবা, shameful, indecent, obscene.

অবাট্, অ.স. ( অং. নহয় + বাট, পথ) আওবাট, যি বাটে যাব লাগে তাতকৈ আন বাট, a wrong way.

অবাটে, ক্রি.বি. বাট নথকা পোনে; যেনে, অবাটে যোৱা মানুহ খালত পৰে; আওবাটে; যেনে, অবাটে গলে যি ঠাইলৈ যোৱা যায়, তাক পোৱা টান হয়; যি ৰীতিৰে চলিব লাগে, তাত্কৈ আন, বেয়া ৰীতি; যেনে, অবাটে চলা অনুচিত, by a wrong (Lit. and fig.)

অবাধ্, অবাধিত্, বি.(সং. অবাধ, অবাধিত, বাধাহীন -- অ, নাই + বাধা, নিৰোধ, মানা) বাধা বা নিৰোধ নথকা; যেনে, অবাধ গতি; মানা বা নিষেধ নথকা বা কৰিব নোৱৰা; যেনে, ৰজাৰ ইচ্ছা অবাধ, having no obstruction, unobstructed; unrestrained, free.

অবাধে, ক্রি.বি. বাধা নোহোৱাকৈ, without obstruction.

অবাধ্য, বি. (সং. অবাধ্য, বাধা নমনা -- অ, নহয় + বাধ্য, বাধা মনা) বাধা বা হাক নুশুনা, উচ্ছৃঙ্খল, obstinate, self-willed.

অবাব, বি. (অং. অ, নাই + বাব, প্রয়োজন)