পৃষ্ঠা:হেমকোষ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অবিলম্বে
অবৈয়াল্
৩৪

অবিলম্বে, ক্রি.বি. (সং. অৱিলম্ব, শীঘ্র -- অ, নাই + ৱিলম্ব, পলম) শীঘ্ৰে, সোনকালে, quickly.

অবিবাহিত্, বি. (সং. অৱিৱাহিত, বিয়া নকৰা -- অ, নহয় + ৱিৱাহিত, বিয়া কৰা) বিয়া নকৰা, আবিয়ৈ, unmarried. (স্ত্ৰী) অবিবাহিতা।

অবিবেচক্, বি. (সং. অৱিৱেচক, বিবেচনাহীন -- অ, নহয় + বিবেচক, বিচাৰ কৰা) বুজ-বিচাৰ নকৰা, undiscriminating, wanting in judgment. স.শ. বিবেচনাহীন মানুহ; যেনে, অবিবেচকৰ শুভ নাই, one who does not consider what is proper to do and what not.

অবিবেচনা, স.শ. (সং. অৱিৱেচনা, বিবেচনাহীনতা -- অ, নাই + ৱিৱেচনা, বিচাৰ) বিবেচনাৰ অভাৱ, বুজি নোচোৱা কাৰ্য্য বা অৱস্থা, want of consideration or judgment.

অবিশ্রান্ত, বি. (সং. অৱিশ্রান্ত, অবিৰত -- অ, নহয় + শ্ৰান্ত, জিৰোৱা বা ভাগৰ লগা) একেৰাহে হৈ থকা, ছেদ্‌ভেদ্ নথকা, having no rest or cessation, continual, incessant.

অবিশ্ৰান্তৰূপে, ক্রি.বি. ছেদ্‌ভেদ্ নোহোৱাকৈ, একেৰাহে, incessantly.

অবিশ্রাম, বি. (সং. অৱিশ্ৰাম, অবিৰাম -- অ, নাই + ৱিশ্রাম, জিৰণি) অবিৰত, ছেদ্‌ভেদ্ নথকা, অবিশ্রান্ত, incessant, having no rest or cessation.

অবিশ্বস্ত, বি. (সং. অৱিশ্বস্ত, অবিশ্বাসী -- অ, নহয় + ৱিশ্বস্ত, বিশ্বাসৰ যোগ্য) বিশ্বাসৰ অযোগ্য, অবিশ্বাসী, untrustworthy.

অবিশ্বাস্, স.শ. (সং. অৱিশ্বাস, অসঞ্জাত -- অ, নাই + ৱিশ্বাস, সঞ্জাত) অসঞ্জাত, বিশ্বাসৰ অভাৱ; যেনে, বন্ধুত অবিশ্বাস নাই, distrust, suspicion.

অবিশ্বাসী, বি. (সং. অৱিশ্বাসিন্, বিশ্বাসৰ অযোগ্য -- অ, নাই + ৱিশ্বাস, প্রত্যয়) অসঞ্জাতী, বিশ্বাসৰ অযোগ্য; যেনে, অবিশ্বাসী মানুহেৰে বন্ধুতা নকৰিবা; বিশ্বাস-হীন, বিশ্বাস নকৰা; যেনে, অবিশ্বাসী মানুহে একো নেমানে, untrustworthy; incredulous, mistrustful. স.শ. বিশ্বাস নকৰা লোক, ঘাইকৈ ঈশ্বৰত বিশ্বাস নকৰোঁতা, ঈশ্বৰ নমনা মানুহ; যেনে, অবিশ্বাসীৰ নৰক হয়, an unbeliever, infidel.

অবিহনে, ক্রি.বি. (সং. অৱিহীন, বিহীন নোহোৱা; অসমীয়াত অর্থ উলটিছে) অবৰ্ত্তমানে, অবিদ্যমানে, অভাৱে, নথকাত; যেনে, বাপেক অবিহনে পুতেক গৰাকী, in the absence of, or after death.

অবিহিত্, বি. (সং. অৱিহিত, অবিধি -- অ, নহয় + ৱিহিত, বিধিসিদ্ধ) বিধিৰ বিপৰীত, অবিধি; যেনে, অবিহিত কাৰ্য্যৰ পৰা অনিষ্ট হয়, opposed to rule, unprescribed by law.

অবুজ্, বি. (অং. অ, নহয় + বুজা, বোধ থকা) অবোধ, নির্ব্বোধ, মূর্খ, নজনা, stupid, ignorant.

অবুজন্, বি. (অং. অ, নহয় + বুজন্‌, বুজা) বুজালেও নুবুজা, যুক্তি আৰু সজ উপদেশ নুশুনি আপোন ইচ্ছাৰ দৰে চলা, obstinate, stubborn, unyielding, self-willed. স.শ. যুক্তি আৰু সজ উপদেশ নুশুনি আপোন ইচ্ছাৰ দৰে চলোঁতা; যেনে, "অবুজনক বুজোৱা, ঢেৰুৱাৰ ঠাৰি-সিজোৱা", an obstinate or self-willed person.

অবৈধ, বি. (সং অৱৈধ, অবিহিত -- অ, নহয় + ৱৈধ, বিধিসিদ্ধ) বিধিৰ বিৰুদ্ধ, অবিধি, অযুগুত; যেনে, অবৈধ কৰ্ম্ম, contrary to rule, improper.

অবৈয়াল্, বি. (অং. অ, নহয় + বৈয়াল, শান্ত, ধীৰ) উগ্র স্বভাৱ যুক্ত, হুঁটা; কাৰো পৰামৰ্শ নুশুনা, বুজালেও নুবুজা, আপোন ইচ্ছাৰ দৰে চলা, অবুজন; যেনে, অবৈয়াল মানুহক কোনে বশ কৰিব, rough-tempered; obstinate, self-willed.