পৃষ্ঠা:হেমকোষ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনাৱশ্যক
অনিয়াঅনি
১৯

অনাৱশ্যক, স.শ. (সং. অনাৱশ্যক, অপ্ৰয়োজনীয় -- অ, ন + আৱশ্যক, প্ৰয়োজনীয়) প্ৰয়োজনৰ অভাৱ, নলগা অৱস্থা, absence of necessity, needlessness. বি. অপ্ৰয়োজনীয়, যেনে, অনাৱশ্যক ব্যয়, unnecessary.

অনাৱশ্যকীয়, বি. আলাগতীয়া, অপ্ৰয়োজনীয়, unnecessary, not needful.

অনাশ্ৰয়, স.শ. (সং. অনাশ্ৰয়, আশ্ৰয়হীনতা -- অ, নাই + আশ্ৰয়, সহায়) সহায় বা ৰক্ষক নথকা অৱস্থা, absence of refuge, protector, or help.

অনাশ্ৰিত, কৃদ. বি. (সং. অনাশ্ৰিত -- আশ্ৰয় নকৰা -- অ, ন + আশ্ৰিত, আশ্ৰয় কৰা) আশ্ৰয়-নোলোৱা, উপাসা নকৰা, নখটা, আশ্ৰয়-নথকা, নিৰাশ্ৰয়, independent, not relying upon any one, having no refuge or protector, helpless. কৃ. স. আশ্ৰয় বা ৰক্ষক-নথকা মানুহ, one having no refuge or protector, a helpless person.

অনাহাৰ, বি. (সং. অনাহাৰ, নিৰাহাৰ, অ, ন + আহাৰ, ভোজন) ভোজন-নকৰা, নোখোৱা, লঘোনে থকা; যেনে, অমুক দুদিন অনাহাৰ, fasting. স.শ. উপবাস, আহাৰ নকৰাকৈ থকা অৱস্থা, abstinence from food.

অনাহাৰী, বি. আহাৰ নকৰা, উপবাসী, abstaining from food, observing a fast.

অনাহাৰে, ক্ৰি.বি. নোখোৱাকৈ, নেখাই-নবৈ, লঘোনে; যেনে, অমুক অনাহাৰে আছে, without taking food.

অনিচ্ছা, স.শ. (সং. অনিচ্ছা, ইচ্ছাৰ অভাৱ -- অ, নাই + ইচ্ছা, বাঞ্ছা) বাঞ্ছাৰ অভাৱ, মন নোযোৱা অৱস্থা; যেনে, অনিচ্ছাৰে কৰা কাম ভাল নহয়, absence of wish or desire, reluctance.

অনিচ্ছুক, বি. বাঞ্ছা নকৰা, unwilling. স.শ. বাঞ্ছা নকৰা লোক, one who is unwilling.

অনিত্য, বি. (সং. অনিত্য, অচিৰস্থায়ী -- অ, ন + নিত্য, সদায় থকা) অচিৰস্থায়ী, সদায় নথকা, খন্তেকীয়া; যেনে, অনিত্য সংসাৰ, transient, transitory, not perpetual.

অনিত্যতা, গু.শ. চিৰস্থায়ী নোহোৱা গুণ বা অৱস্থা, transitoriness.

অনিদ্ৰা, স.শ. (সং. অনিদ্ৰা, নিদ্ৰাহীনতা -- অ, নাই + নিদ্ৰা টোপনী) টোপনী নহা বা জাগি থকা অৱস্থা, সাৰ, want or absence of sleep, a waking state.

অনিদ্ৰিত, বি. টোপনী নহা, জাগি থকা, awake.

অনিন্দিত্, বি. (সং. অনিন্দিত, নিন্দিত নোহোৱা -- অ, নহয় + নিন্দিত, তিৰস্কৃত) দুৰ্নাম-নোপোৱা, তিৰস্কৃত নোহোৱা, not reproached or censured.

অনিবাৰ্য্য, বি. (সং. অনিৱাৰ্য্য, নিবাৰণ কৰিব নোৱৰা -- অ, নহয় + নিৱাৰ্য্য, নিবাৰণৰ যোগ্য) নিবাৰণ কৰিৱ নোৱৰা, বাধিব নোৱৰা; যেনে, অনিবাৰ্য্য কাৰণত এই কাম কৰিব পৰা নগল, unpreventable, unavoidable, inevitable.

অনিমজ, বি. (অং. অ, ন + নিমজ, মিহি) নিমজ নোহোৱা, খহটা, rough to the touch.

অনিমা, “বিভূতি” চোৱাঁ । See বিভূতি।

অনিয়ম্, বি. (সং. অনিয়ম, অবিধি -- অ, নহয় + নিয়ম, বিধি) অবিধি, নীতিৰ বিপৰীত, irregular, opposed to rule. স.শ. নিয়মৰ বিৰুদ্ধ কাম, that which is opposed to rule, irregularity.

অনিয়মিত্, বি. (সং.) নিয়ম-নথকা, বিধিৰ বিৰুদ্ধ; নিশ্চয় নকৰা, irregular; undetermined.

অনিয়ম্কৈ, ক্ৰি.বি. নিয়মতকৈ বেলেগৰূপে, নিয়মৰ বিৰোধে, irregularly, in opposition to rule.

অনিয়াঅনি, স.শ. (অং. অৰিয়াঅৰি শব্দৰ বিকৃতি) দুই বা অধিক জন লোকৰ