পৃষ্ঠা:হেমকোষ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনাচাৰী
অনাৰ্য্য
১৮

অনাচাৰী, বি.(অং.) দুৰাচাৰ, বেয়া কাম কৰা, কুকৰ্ম্মত ৰত; যেনে, অনাচাৰী বামুণ, immoral, violating moral or religious rules.

অনাজালে, ক্রি.বি. (অং, অনা, বিনা + জাল, তাপ বা ফান্দ) তাপ নিদিয়াকৈ; যেনে, অনাজালে ভাত হয় নে? জাল নপতাকৈ, বিনাজালে; যেনে, অনাজালে মাছ বা চৰাই ধৰিছে, without heat, without a net.

অনাটন,অনাটনি, সং.শ. (অং. অ, নহয় + আঁটন বা আঁটনি, যথেষ্ট হওন) অল্পতা, কম্তি; যেনে, ৰাজ্যক ডাঁৰি অনাটন বা অনাটনি পূৰাইছে, deficiency.

অনাথ্, বি. (সং. অনাথ, নিৰাশ্ৰয় -- অ, নাই + নাথ, আশ্রয় বা গৰাকী) নিৰাশ্ৰয়, ৰখীয়া নথকা, having no protector or refuge. সং.শ. আশ্রয় বা ৰক্ষক-নথকা মানুহ, a person having no protector or refuge.

অনাদৰ্, সং.শ. (সং. অনাদৰ, অসন্মান -- অ, ন + আদৰ, সন্মান) আওহেলা, আদৰৰ অভাৱ, disrespect, incivility, inattention.

অনাদি, বি. (সং. অনাদি, আদিহীন -- অ, ন + আদি, মূল) আদি-নথকা, having no beginning.

অনাদিপাতন্, সং.শ. (সং. অনাদি + পাতন, সজা) সৃষ্টিৰ বিবৰণ; পৃথিবী গঢ়াৰ বিবৰণ লিখা পুথি, a history of the creation of the universe.

অনাদৃত্, কৃদ.বি. (সং. অনাদৃত, আদৰ নোপোৱা -- অ, ন + আদৃত, আদৰপোৱা) আদৰ নোপোৱা, সন্মান নোপোৱা, disrespected, despised, not treated with civility.

অনাদোষ, সং.শ. (অং. বিনা-দোষ, দোষ-নথকা) দোষৰ অভাৱ, নির্দ্দোষিতা, innocence.

অনানিয়া, কৃদ. সং. (অং. আন, লৈ আহ + নে, লৈ যা) লৈ অহা আৰু লৈ যোৱা কাৰ্য্য, the act of taking away and bringing back. কৃদ্. বি. লৈ অহা আৰু লৈ যোৱা, taking away and bringing back.

অনাবৃত, কৃদ. বি. (সং. অনাবৃত, আবৃত নোহোৱা -- অ, ন + আবৃত্, ঢকা) নঢকা, মুকলি, uncovered.

অনাবৃষ্টি, সং.শ. (সং. অনাবৃষ্টি, বৃষ্টিৰ অভাৱ -- অন্, নাই + আ, বহু দিন ব্যাপি + বৃষ্টি, বৰষুণ) বহুদিন বৰষুণ নোহোৱা অৱস্থা, খৰ, বৃষ্টিৰ অভাৱ, drought.

অনাভুৱা, বি. (অং. অনা, নোহোৱা + ভুৱা, ভূ-পোৱা) বুজ-নোপোৱা, নিচিনা-নজনা, কোনো ঠাইলৈ নকৈ যোৱা; যেনে, অনা-ভুৱা মানুহ, unacquainted with.

অনামিকা,সং.শ. (সং. অ, ন + নামন্, নাম, নিনাও, তাৰ বিশেষ নাম নাই, এতেকে) কেঞা আঙ্গুলিৰ ওচৰৰ আঙ্গুলি; the ring finger.

অনায়ক, সং.শ. (সং. অ, নহয় + নায়ক, গৰাকী বা অধাক্ষ) গৰাকী বা অধ্যক্ষত বাজে আন মানুহ; যেনে, অনায়ক নায়ক হল, a person other than the owner or superintendent. বি. গৰাকী বা অধ্যক্ষ-নথকা, having no master, leader, or superintendent.

অনায়াসে, ক্রি.বি. (সং. অনায়াস, পৰিশ্ৰম নোহোৱা) যত্ন-নকৰাকৈ, উজুৰূপে, সুগমে, easily.

অনাৰি, বি. (বং. আনাড়ী, মূৰ্খ) দুষ্টালিৰ কাৰণে কাৰেও মিলি থাকিব নোৱৰা, অজীণ; যেনে, সি অনাৰি, কাৰেও মিলিব নোৱাৰে ; নষ্ট; যেনে, চাউলবোৰ অনাৰি হল, unable to live in peace with others; damaged, spoiled.

অনাৰ্য্য, বি. (সং. অনাৰ্য্য, অহিন্দু – অ, নহয় + আৰ্য্য, প্রাচীন হিন্দু, এতেকে, সম্ভ্রান্ত) প্রাচীন হিন্দু-বংশৰ নোহোৱা, অহিন্দু; অসম্ভ্রান্ত, not descended from old Hindu stock; not respectable.