পৃষ্ঠা:হেমকোষ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনির্ব্বচনীয়
অনুগত
২০

এজনতকৈ আন এজনৰ ভাল হবৰ চেষ্টা, rivalry, emulation, competition.


অনিৰ্ব্বচনীয়, বি. (সং. অনিৰ্ব্বচনীয়, বাক্যৰ অতীত -- অ, ন + ৱচনীয়, কব পৰা) কব নোৱৰা, বৰ্ণনাৰ অসাধ্য, বাক্যৰ অগোচৰ, unspeakable, indescribable.

অনিৰ্ব্বন্ধ, সং.শ. (অং. অ, নহয় + নিৰ্ব্বন্ধ, নিয়ম) নিয়মৰ বিৰোধ, অনিয়ম, নীতি বা সমাজৰ নিয়মৰ বিৰুদ্ধ আচৰণ যেনে, অনিৰ্ব্বন্ধত নপ্ৰবৰ্ত্তিবা, what is opposed to moral, social, or religious rule.

অনিশ্চয়, বি. (সং. অনিশ্চয়, নিশ্চয়-নোহোৱা -- অ, নহয় + নিশ্চয়, ঠিক) স্থিৰ নোহোৱা, ঠিক নোহোৱা, অঠাৱৰ, uncertain সং.শ. নিশ্চয়ৰ অভাৱ, absence of certainty.

অনিশ্চিত, কৃদ.বি. (সং.) স্থিৰ নকৰা, ঠাৱৰ নকৰা, unascertained, not determined.

অনিষ্ট, বি. (সং. অনিষ্ট, অহিত -- অ, নহয় + ইষ্ট, হিত) অহিত, অপকাৰক, injurious. সং.শ. অপকাৰ, হিংসা; যেনে, লোকৰ অনিষ্ট নকৰিবা, injury.

অনিষ্টকৰ্, অনিষ্টকাৰী, বি. অপকাৰী, injurious. সং.শ. অপকাৰী মানুহ, an injurious person or thing.

অনিষ্টচিন্তা, সং.শ. (সং. অনিষ্টচিন্তা, অহিত-চেষ্টা -- অনিষ্ট, অহিত + চিন্তা, ইচ্ছা) অহিত কৰিবৰ বাঞ্ছা, অপকাৰৰ চেষ্টা, a desire of doing an injury.

অনীতি, সং.শ. (সং. অনীতি, নীতিৰ বিৰুদ্ধ আচৰণ -- অ, নহয় + নীতি, বিধি ) অযুগুত কাম, সমাজ বা ধৰ্ম্মৰ নিয়মৰ বিপৰীত আচৰণ, an immoral act, immorality, conduct opposed to rules of society or religion.

অনীশ্বৰবাদী, বি. (সং. অনীশ্বৰৱাদিন, ঈশ্বৰ নমনা -- অ, নাই + ঈশ্বৰ, পৰমদেৱতা) ঈশ্বৰ নাই বোলা, ঈশ্বৰ নমনা, atheistical.

অনু, উপস. (সং.) পাচ, তুল্য, ইত্যাদি; যেনে, অনুগামী, অনুৰূপ, ইত্যাদি, a prefix implying after, like, etc.

অনুকৰণ, সং.শ. (সং. অনুকৰণ, লোকৰ নিচিনা কাৰ্য্য -- অনু, উপস. + কৃ, কৰ্) লোকে যেনে কৈ কৰে, তেনে কৈ কৰা কাৰ্য্য, আনক দেখি লোৱা ব্যৱহাৰ, imitation.

অনুকল্প, সং.শ. (সং. অনুকল্প, আন এক বস্তুৰ তুল্যৰূপে ব্যৱহৃত বস্তু -- অনু, তুল্য + কল্প, বাঞ্ছা) এক বস্তুৰ তুল্য় আন এক বস্তু, যি দুটাৰ এটাক আনৰ সলনি ব্যৱহাৰ কৰিব পাৰি; যেনে, মৌৰ অনুকল্প গুড়, an alternative, a substitute.

অনুকাৰ-শব্দ, সং.শ (সং. অনুকাৰ-শব্দ, কোনো এক ধ্বনিৰ তুল্য শব্দ -- অনু, উপস. + কৃ, কৰ, + শব্দ, মাত) কাণেৰে যেনে শুনা যায়, সেইৰূপে কোৱা বা লিখা মাত; যেনে, কাকা, মেও-মেও, টিং টিং, ইত্যাদি, an imitative sound.

অনুকাৰী, বি. (সং. অনুকাৰিণ্, আনৰ দৰে চলা -- অনু, পাচত + কৃ, কৰ) লোকৰ দৰে কাৰ্য্য কৰা, লোকৰ দৰে চলা, imitating. সং.শ. আনৰ দৰে আচৰণ কৰা লোক, an imitator.

অনুকূল, বি. (সং. অনুকূল, হিত -- অনু, উপস. + কূল, পাৰ) হিত, উপকাৰী, ইষ্ট, friendly, favourable.

অনুকূলে, ক্ৰি.বি. পক্ষে, ফালে, সমন্ধি; যেনে, মোৰ অনুকূলে কওঁতা নাই, in favour of.

অনুক্ৰম্, সং.শ. (সং. অনুক্ৰম, শৃঙ্খলা -- অনু, উপস. + ক্ৰম্, গতি কৰ) নিয়মৰ দৰে যাৰ পাচত যি হব লাগে, সেই দৰে হোৱা অৱস্থা, সুশৃঙ্খলা, order, method, succession.

অনুক্ৰমে, ক্ৰি.বি. এটাৰ পাচত আনটো হৈ, ক্ৰম্ অনুসৰি, successively; according to order.

অনুগত্, বি. (সং. অনুগত, পাচত যোৱা -- অনু, পাচত + গত, যোৱা - গম, গতি কৰ) পাচত ফুৰা, উপাসক, অধীন, dependent. সং.শ. অধীন লোক, follower or dependent.