পৃষ্ঠা:হেমকোষ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনন্ত-মূল
অনাচাৰ
১৭

Thousand heads, who is said to be form of Vishnu and to hold the earth on his heads. This serpent is the emblem of eternity.

অনন্ত-মূল, স.শ. (সং. অনন্তমূল, অনন্ত, অন্ত-নথকা + মূল, শিপা) এবিধ দৰবৰ লতা, medicinal creeper (Periploca Indica).

অনন্তৰ্, ক্রি.বি. (সং. অনন্তৰ, পাচে -- অ, ন + অন্তৰ, দূৰ) অলপ্‌ পাচতে, তেতিয়াই, immediately afterwards.

অনন্যমন্, স.শ. (সং. অনন্যমনস -- ন, নাই + অন্য, আন + মনস্, মন, একে বিষয়তে লগোৱা মন) একাগ্র মন, একে কথাতে লগোৱা চিত্ত; যেনে, অনন্যমনেৰে শুনা, undivided attention.

অনপৰাধ্, স.শ. (সং. অনপৰাধ, নিৰ্দ্দোষিতা -- অ, নাই + অপৰাধ, জগৰ) অপৰাধ-শূন্যতা, নিজগৰীয়৷ অৱস্থা; যেনে, অনপৰাধত দণ্ড হল, innocence.

অনপূ-অধপূ, স.শ. (অং. অনপূ, নোপোৱা + অধপূ, আধা পোৱা, অর্থাৎ কদাচিত পোৱা) অনেক বিধৰ দুষ্প্রাপ্য বস্তু; এতেকে নানা উত্তম বস্তু, rare and excellent things of various kinds. (চহা আৰু মৌখিক।)

অনভিমতে, আ.অব্য. (সং. অ, নহয় + অভিমত, ইচ্ছা) ইচ্ছাৰ বিৰোধে; যেনে, ডাঙ্গৰীয়াৰ অনভিমতে এই কাম হব নোৱাৰে, against the will of.

অনৱকাশ্, স.শ. (সং. অনৱকাশ, অবকাশশূন্যতা -- অ, নাই + অৱকাশ, আজৰি) আজৰি নথকা অৱস্থা, অৱকাশৰ অভাব, want of leisure.

অনৱৰত্, ক্রি.বি. (সং. অনৱৰত, সদায় -- অ, ন + অৱৰত, ছেদ-ভেদ) সদায়, ছেদ-ভেদ নোহোৱাকৈ; যেনে, অনৱৰত বৃষ্টি হৈছে, incessantly. বি. অবিচ্ছেদ, ছেদ-ভেদ নথকা; যেনে, অনৱৰত বৃষ্টি, অনৱৰত পৰিশ্ৰম, incessant, continual.

অনর্গল্, বি. (সং. অনর্গল, খকজা-নলগাকৈ ওলোৱা -- অ, নাই + অৰ্গল, দুৱাৰৰ শলখা) বাধা নথকা সৰগৰীয়া, খকজা-নলগা, খোঁচৰ-নোখোৱা; যেনে, সন্ধিখান তাৰ অনর্গল, unobstructed, fluent.

অনর্গলৰূপে, ক্রি.বি. সৰগৰীয়াকৈ, fluently.

অনর্থ, স.শ. (সং. অনর্থ, অর্থ-নথকা -- অ, ন + অর্থ, উদ্দেশ) অমঙ্গল, অশুভ, হানি; যেনে, এলাহ সকলে৷ অনৰ্থৰ মূল, mis-chief, evil.

অনর্থক্, বি. (সং. অর্থক, অর্থ বা উদ্দেশ শূন্য -- অ, নাই, অর্থ, শব্দে যি বুজায়; উদ্দেশ) অর্থ-নথকা; যেনে, অনর্থক শব্দ; অবাব, অকাৰণ, উদ্দেশহীন; যেনে, অনর্থক পৰিশ্রম, unmeaning ; vain, aimless.

অনা, স.বা. (অং. আন্, লৈ আহ্) লৈ অহা; যেনে, অনাইছোঁ, to cause to bring.

অনা, স.ধা. (অং. আন্, লৈ আহ্) অন্যৰ দ্বাৰা দূৰৰ পৰা ওচৰ চপোৱা; যেনে, খৰি অনাইছে; to cause to be brought. কৃদ. বি. আনীত, দূৰৰ পৰা আনি ওচৰ চপোৱা; যেনে, চাকৰে অনা খৰি, brought.

অনা, স.শ. (বং, আনা, ছৰতীয়া) ছৰতীয়া, চাৰি পইচাৰ মূল্য, an anna, four pice.

অনা, উপস. (সং. অ + ন, নাই) নথকা বুজাবলৈ সংজ্ঞা শব্দৰ আগত দিয়া মাত; যেনে, অনাবতাহ, অনাবৰষুণ, a negative particle placed before a noun.

অনাচাৰ, স.শ. (সং. অনাচাৰ, কুব্যৱহাৰ -- অ, বেয়া + আচাৰ, ব্যৱহাৰ) বেয়া আচৰণ, কুব্যৱহাৰ; যেনে, অনাচাৰত প্রবর্ত্তিলে মঙ্গল নহয়, improper conduct, violation of moral or religious rules. বি. দুৰাচাৰ কুকৰ্ম্মত ৰত, বেয়া কাম কৰা, immoral, violating moral or religious rules.