পৃষ্ঠা:হেমকোষ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অধোগামী
অনন্ত
১৬

গতি, গমন) তললৈ বা নৰকলৈ গমন, নৰকত পৰণ; যেনে, পাপীৰ অধোগতি হয়, the act of going downwards or to hell.

অধোগামী, বি. (সং. অধোগামিন্, তললৈ বা নৰকলৈ যোৱা --অধঃ, তল + গামিন্, যোৱা) তললৈ বা নৰকলৈ যোৱা, going downwards or to hell. (স্ত্ৰী)অধোগামিনী।

অধোভাগ, স.শ. (সং. অধোভাগ, তলৰ ভাগ -- অধঃ, তল + ভাগ, অংশ) তলডোখৰ, নামনি ভাগ, the lowest part.

অধোমুখ্, বি. (সং. অধোমুখ, তললৈ মুখ কৰা -- অধঃ + মুখ, গাৰ অঙ্গ) তললৈ মুখ কৰা; লাজত মুখ চাপৰোৱা; looking down, bending down the head with shame.

অধোমুখে, ক্ৰি.বি. তললৈ মুখ কৰি; যেনে,মহাপাপী অধোমুখে নৰকত পৰে, with the head downwards, headlong.

অধোবস্ত্ৰ, স.শ. (সং. অধোৱস্ত্ৰ -- অধঃ, কাপোৰ) চুৰিয়া বা মেখেলা, a male or female waist cloth.

অধ্য়য়ন, স.শ. (সং. অধ্য়য়ন, পঢ়ন -- অধি, উপস. + ই, পঢ়) পঢ়ন - পাঠ-অভ্য়াস, the act of learning, study.

অধ্যৱসায়, স.শ. (সং. অধ্যৱসায়, নিৰন্তৰ যত্ন -- অধি আৰু অৱ, উপস. + সো, অন্তকৰ) নিৰন্তৰ চেষ্টা, কোনো কাৰ্য্য়ত নেৰানেপেৰাকৈ লাগন, perseverance, continual labour or effort.

অধ্যক্ষ, স.শ. (সং. অধ্যক্ষ, নায়ক -- অধি, উপস. + অক্ষ, চকু) কোনো কাৰ্য্য়ৰ গুণাগুণ চাবৰ অধিকাৰ থকা মানুহ; ৰক্ষক; নায়ক, a superintendent, a leader.

অধ্যক্ষতা, স.শ. (সং.) অধ্যক্ষৰ কাৰ্য্য় বা ক্ষমতা), superintendence.

অধ্যাপক্, স.শ. (সং. অধ্যাপক, পঢ়াওঁতা -- অধি, উপস. + ই, পঢ়্) পঢ়াওঁতা, শিক্ষক, পঢ়োৱা ওজা, a teacher of books, a professor.

অধ্যাপন, কৃদ.স. পঢ়োৱা কাৰ্য্য, the act of teaching.

অধ্যায়, স.শ. (সং. অধ্যায়, আধ্যা -- অধি, উপস. + ই, পঢ়্) আধ্যা, পুথিৰ এভাগ, a chapter.

অধ্য়াহাৰ, স.শ. (সং. অধ্য়াহাৰ, লুপ্ত শব্দৰ উক্তি -- অধি আৰু আ, উপস. + হৃ, গ্ৰহণ কৰ্) ব্যাকৰণৰ নিয়মমতে লুকাই থকা কথা পূৰাই লোৱা; যেনে, ৰামত্কৈ শ্যামৰ আখৰ ভাল, এই কথাৰ অৰ্থ কৰাত “ৰামৰ আখৰত্কৈ” এই কেইটা শব্দ অধ্য়াহাৰ কৰিব লাগে, supplying an ellipsis.

অনঙ্গ, বি. (সং. অনঙ্গ, কামদেৱ -- অ, ন + অঙ্গ, শৰীৰ) যাৰ গাৰ কোনো অংশ নাই, অঙ্গহীন, limbless, সং.শ. কামদেৱ, Kama Deva.

অনঙ্গ-কেলি, অনঙ্গ-ক্ৰীড়া, স.শ. (সং. অনঙ্গ-কেলি, অনঙ্গ-ক্ৰীড়া -- অনঙ্গ, কাম + কেলি, ক্ৰীড়া, ধেমালি) কামকেলি, শৃঙ্গাৰ, মতা তিৰোতাই পৰম্পৰক কৰা চুম্বন-আলিঙ্গন আদি, copulation, dalliance.

অনধিকাৰ, স.শ. (সং. অনধিকাৰ, স্বত্বৰ অভাৱ -- অ, নাই + অধিকাৰ, স্বত্ব) স্বত্ব বা ক্ষমতাৰ অভাৱ, স্বত্বহীনতা, ক্ষমতা-শূন্য়তা, absence of right, title, or power.

অনধিকাৰী, বি. (সং. অনধিকাৰী, গৰাকী নোহোৱা -- অ, নহয় + অধিকাৰী, গৰাকী) গৰাকী নোহোৱা, স্বত্বহীন, having no right or title.

অনন্ত, বি. (সং. অনন্ত, অশেষ -- অ, নাই + অন্তু, শেষ) অশেষ, অন্ত-নথকা, having no end or limit. স.শ. এহেজাৰ ফেঁটেৰে এক বৃহৎ সাপ; তেওঁ বিষ্ণুৰ এক ৰূপ আৰু আপোনাৰ মূৰেৰে এই পৃথিবী ধৰি আছে বুলি পুৰাণত লেখা আছে, a huge serpent with one Thousand heads, who is said to be form of Vishnu and to hold the earth on his heads. This serpent is the emblem of eternity.