পৃষ্ঠা:হেমকোষ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অকৃতজ্ঞ
অগম্যা

অকৃতজ্ঞ, বি. (সং. অকৃতজ্ঞ, অশলাগী -- অ, ন + কৃতজ্ঞ, শলাগ-লোৱা) অশলাগী, উপকাৰ নমনা, ungrateful.

অকৃতজ্ঞতা, গু.শ. উপকাৰ নমনা গুণ বা কাৰ্য্য়, ungratefulness.

অক্ৰূৰ্, বি. (সং. অক্ৰূৰ, নিষ্ঠুৰ-নোহোৱা -- অ, ন + ক্ৰূৰ, নিষ্ঠুৰ) নিষ্ঠুৰ-নোহোৱা, দয়ালু, মৰমিয়াল, not cruel, kind. স.শ. কৃষ্ণৰ দদায়েকৰ নাম, the name of the paternal uncle of Krishna.

অক্লেশে, ক্রি.বি. (সং. অক্লেশ, অকষ্ট ) দুখ নোহোৱাকৈ, বিন৷-কষ্টে; অনায়াসে; যেনে, এই কাম অক্লেশে কৰিব পাৰি, without trouble, easily.

অখণ্ড, বি. (সং. অখণ্ড, পূর্ণ -- অ, ন + খণ্ড, এডোখৰ) নভগা-নিছিগা, পূর্ণ; ছেদভেদ নথকা, unbroken, whole, ceaseless.

অখণ্ডমণ্ডল, বি. (সং. অখণ্ডমণ্ডল, সম্পূর্ণ গোল -- অখণ্ড, পূৰ্ণ + মণ্ডল, গোলাকাৰ বস্তু) সম্পূর্ণ গোলাকাৰ, কোনো অংশ হীন নোহোৱা মণ্ডল; যেনে, পূৰ্ণিমাৰ চন্দ্র অখণ্ডমণ্ডল, wholly circular, consisting of the whole orb.

অখাদ্য, স.শ. বি. (সং. অখাদ্য, অভক্ষ্য -- অ, ন + খাদ্য, ভক্ষ্য) অভক্ষ্য, খাব নোপোৱা, খাবৰ অযোগ্য, not eatable, forbidden as food. স.শ. খাব নোপোৱা, বা খাবৰ অযোগ্য বস্তু, যেনে, অখাদ্য নেখাবা, forbidden food.

অখাল্‍ডাঁৰ্, স.শ. (অং. অখাল, অবাব + ডাঁৰ, দণ্ড) জগৰ নকৰাকৈ ভৰা ধন, নিৰৰ্থক ভৰণি; যেনে; দহ টকা অখাল-ডাঁৰ ভৰিলে, a fine for no offence, the payment of an unjust demand.

অখিয়া, স.ধা. (অং. আখি, গাঁঠি) আখি ওচাই নিমজ কৰ্; যেনে, বাঁহটো অখিয়াইছে, to remove knots from wood or bamboo

অখিল, বি. (সং. অখিল, সমস্ত -- অ, ন + খিল, ভাগ কৰা; ভাগ-নকৰা) সমুদায়, গোটেই; যেনে, অখিল জগত, all, whole, entire.

অখীয়া, বি. (অং. আখি, গাঁঠি) আখিযুক্ত, গাঁঠিথকা; যেনে, অখীয়া বাঁহ, full of knots, knotty.

অখ্যাতি, স.শ. (সং. অখ্যাতি, দুৰ্নাম -- অ, বেয়া + নাম, যশ) দুৰ্য্য়শ, অপযশ, infamy, ill repute.

অগণ্য, বি. (সং. অগণ্য, অলেখ -- অ, ন + গণ্য়, গণনা কৰিব পৰা) অলেখ, অসংখ্যাত, innumerable.

অগতি, স.শ. (সং. অগতি, গতিহীন -- অ, ন + গতি, আশ্রয়) নিৰাশ্রয় মানুহ, উপায়হীন মানুহ; যেনে, ঈশ্বৰ অগতিৰ গতি; পৰকালত মুক্তিৰ আশা নথকা মানুহ, one who has no refuge; one having no hope of final beatitude.

অগত্যা, ক্রি.বি. (সং. অ, নথকা + গতি, উপায়) উপায় নথকাত, টানত পৰি, বাধ্য হৈ ; যেনে, সেই কাম অগত্যা স্বীকাৰ কৰিলে, having no alternative, being compelled.

অগধুৰ, বি. (অং. অ, নহয় + গধুৰ, লঘু-নোহোৱা) পাতল, লঘু, light, not heavy.

অগম্য, বি. (সং, অগম্য, যাব নোৱৰা -- অ, ন + গম্য, যাব পৰা) যাব বা সোমাব নোৱৰা; যেনে, অগম্য বাট, অগম্য হাবি, impassable; impenetrable, impervious.

অগম্যা, স.শ. (সং. অগম্যা, অভিগমন কৰিব নোপোৱা -- অ, ন + গম্যা, অভিগমনৰ যোগ্য) যাক অভিগমন কৰিব নেপায়, সেই স্ত্রী; যাৰে সৈতে সহবাস নিষিদ্ধ, সেই তিৰোতা; যেনে, অগম্যা গমন কৰিলে নৰক হয়, a woman to cohabit with whom is a heinous sin.