পৃষ্ঠা:হেমকোষ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অকস্মাৎ
অকৃতকাৰ্য্য়

হাবিলৈ অকলশৰে যাব নোৱাৰি, alone, without company.

অকস্মাৎ, ক্ৰি. বি. (সং. অকস্মাত, হঠাৎ -- অ, ন + কস্মাত্, কৰপৰা, কৰপৰা উপস্থিত হল তাক নজনাকৈ,) আচম্বিৰূপে, আগেয়ে নজনাকৈ, suddenly, without previous notice.

অকাঁৰী, বি.(অং. অ, ন + কাঁৰ, চাউল নিকা কৰ) নকঁৰা, নিকা নকৰা (চাউলত খাটে); যেনে, অকাঁৰী চাউল, not cleaned-said of rice.

অকাইপকাই, ক্ৰি.বি. (অং. অকাই, অনুৰূ. + পকাই, মেৰাই) অনেক পাক বা মেৰ দি, ঘুৰাই-পকাই; যেনে, অকাই-পকাই বান্ধিলে, winding round and round.

অকাজ্ভাগী, বি. (অং. অ, নহয় + কাজ, কাম + ভাগী, অংশী, কামৰ ভাগী নোহোৱা) কামৰ অযোগ্য, অবালচন্দ আলাবাদু, অকামিলা (মানুহত খাটে; স্ত্ৰী, পুং), worthless, said of a person.

অকামিলা, বি. (অং, অ, নহয় + কামিলা, কামৰ যোগ্য়) একো কামৰ যোগ্য নোহোৱা, একো নজনা; যেনে, অকামিলা মানুহ; একো কামত নলগা, প্ৰয়োজন নথকা; যেনে, অকামিলা বস্তু, unskillful, worthless; useless, good for nothing.

অকাৰণ, স.শ. (সং. অ, ন + কাৰণ, হেতু) অবাব, কাৰণৰ অভাৱ, অনাৱশ্যক; যেনে, অকাৰণত কোনো কাম নকৰিবা, absence of reason, or necessity. বি. কাৰণ-নথকা; যেনে, অকাৰণ দন্দ, without cause or reason.

অকাৰান্ত, বি. (সং. অকাৰান্ত, শেষত অ থকা -- অকাৰ, অ + অন্ত শেষ) অ অন্তত থকা, অকাঁৰেৰে শেষ হোৱা; যেনে, অকাৰান্ত শব্দ, ending in an অ।

অকাৰ্য্য়, স.শ. (সং. অকাৰ্য্য়, দন্দ কাম -- অ, ন বা বেয়া + কাৰ্য্য়, কাম) কৰিব নলগীয়া কাম, বেয়া কাম, an improper, wrong or vicious act.

অকাল্, স.শ. (সং. অকাল, অনুপযুক্ত কাল -- অ, বেয়া + কাল, সময়) অসময়, যি বস্তুৰ যি সময়, তাতকৈ বেলেগ কাল, আবতৰ; যেনে, অকালত হোৱা আম, অশুভ কাল, not proper season, inauspicious time.

অকাল-পকা, বি. (অং. অকাল, অসময় + পকা, পূৰঠ হোৱা) পকিবৰ সময় নৌ হওঁতেই পকা; যেনে, অকাল-পকা আম; সময় নৌ হওঁতেই পূৰ্ণ অৱস্থা পোৱা; যেনে, অকাল-পকা লৰা, premature, prematurely ripe; precocious.

অকীৰ্ত্তি, স.শ. (সং. অকীৰ্ত্তি, দুৰ্য্যশ- অ, বেয়া + কীৰ্ত্তি, খ্যাতি) দুৰ্য্যশ, দুৰ্নাম, অখ্য়াতি, infamy.

অঁকুটিল্, বি. (সং. অকুটিল, অকপট- অ, নহয় + কুটিল, বেকা) সৰল, অকপট, পোন পটিৰ, হোজা, sincere, honest, upright.

অকুমাৰ, স.শ. (সং. অ, নহয় + কুমাৰ, সৰু লৰা; অসমীয়াত ইয়াৰ অৰ্থ বেলেগ) বয়স পূৰ্ নোহাৱা লৰা, বিধি অনুসাৰে কাম চলাবৰ বয়স-নোপাৱা লৰা, a minor boy. (স্ত্ৰী) অকুমাৰী।

অকুলীনীয়া, বি. (সং. অকুলীন্, বেয়া কুলীয়া) হীন কুলীয়া, of an inferior caste.

অকুলীন্, স.শ. (সং. অকুলীন্, অজাতি -- অ, ন + কুলীন্, ভাল-কুলীয়া) অজাতি- অকুলীনীয়া মানুহ; যেনে, অকুলীনৰ হাতে খালে পৰাচিত লাগে, a person of a low caste or origin. বি. হীন কুলীয়া; যেনে, অকুলীন মানুহ, of a low caste or origin.

অকূল্, বি. (সং. অকূল, অপাৰ- অ, ন + কূল, পাৰ) পাৰ নথকা, যাৰ সি পাৰ বা সি দাঁতি দেখা নেযায়; যেনে, অকূল সাগৰ, having no shore or limit, vast.

অকৃতকাৰ্য্য়, বি.(সং. অকৃতকাৰ্য্য, কাৰ্য্য় সিদ্ধি কৰিব নোৱৰা- অ, ন + কৃতকাৰ্য্য়, কাৰ্য্য-সিদ্ধি কৰা) সিদ্ধি কৰিব নোৱৰা, সিদ্ধি-নোপোৱা, unsuccessful.