পৃষ্ঠা:হেমকোষ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অগভীৰ
অগ্নিকুণ্ড

অগভীৰ্, বি. (সং. অগভীৰ, তৰং+ অ; ন+গভীৰ, দ) তৰং, দ-নোহোৱা, shallow, not deep, having no depth.

অগৰু, স.শ. (সং. অগৰু, আগৰ-কাঠ --অ, ন + গুৰু, গধুৰ) আগৰ-কাঠ, এবিধ সুগন্ধি কাঠ, the aloe wood,(aquilaria agallocha), a large evergreen tree, much valued on account of the perfume extracted therefrom. The resin is used as medicine (Watts' Dictionary of Economic Products of India). The bark was formerly used as a substitute for paper.

অগৰ্ব্বী, বি. (সং. অগৰ্ৱ্ৱিণ, অহঙ্কাৰ-শূন্য-- অ, ন+ গৰ্ৱ্ৱিণ, অহঙ্কাৰী) অহঙ্কাৰ-শূন্য, নিৰহঙ্কাৰ, নম্ৰ, not proud, mild, meek, lowly.

অগৰ্হিত, বি. (সং. অগৰ্হিত, অনিন্দিত--অ, ন + গৰ্হিত, নিন্দিত) নিন্দিত নোহোৱা, not censured.

অগাধ্,বি. (সং. অগাধ, বৰ দ--অ, ন + গাধ, স্থল) তলি-নোপোৱা, আথাউনি, বৰ দ; যেনে, অগাধ জল, fathomless or unfathomable.

অগাপিচা, বি. (অং. আগ, মুখৰ ফাল + পিচ, পিঠি-ফাল) এটাৰ পাচত আনটো হোৱা; এটা আগ আনটো পাচ হোৱা; যেনে, ৰাম আৰু হৰি অগাপিচা হৈ গৈছিল, one after the other.

অগাপিচাকৈ, ক্ৰি.বি. ইটোৰ পাচত সিটোক স্থাপিত কৰি; যেনে, গাই দুজনী অগাপিচাকৈ বান্ধিছিল, placing one after the other.

অগাবগা, স.শ. (অং. অগা, আগত থকা + বগা, অনুৰূ.) আগচি ধৰণ, বাটত বাধা জন্মাওন; যেনে বাটত অগাবগা নকৰিবি, hinderance or obstruction of way.

অগীয়াবগীয়া, স.শ. (অং. অগীয়া, আগৰ+ বগীয়া, অনুৰূ.) আগয়ে এজনে কৰাকে

আকৌ আনে কৰা)একেটা কামকে উটাপুটাকৈ দুই বা অধিক জনে কৰণ; যেনে, তহঁতে অগীয়াবগীয়া নকৰিবি, the act of several persons doing the same thing without method; বি. যাৰ যেনে ইচ্ছা তেনেকৈ কৰা; যেনে, অগীয়াবগীয়া কাম ভাল নহয়; আগেয়ে কোৱা কথাৰ বিপৰীত; যেনে, অগীয়াবগীয়া কথা, done by several persons without method; Contradictory.

অগীয়াবগীয়াকৈ, ক্ৰি.বি. উটাপুটাকৈ; একো নিয়ম নোহোৱাকৈ, যাৰ যেনে ইচ্ছা তেনেকৈ; যেনে, অগীয়াবগীয়াকৈ কৰিলে কাম ভাল নহয়, unmethodically, irregularly.

অগুণ্, স.শ. (অং. অ, ন+ গুণ, উপকাৰ) অপকাৰ, হিংসা; যেনে, মই তাৰ অগুণ কৰা নাই, injury.

অগোচৰ্, বি. (সং. অগোচৰ, ইন্দ্ৰিয়ৰ দ্বাৰা নজনা-- অ, ন + গোচৰ, ইন্দ্ৰিয়ই বুজা বস্তু) ইন্দ্ৰিয়ৰ বিষয় নোহোৱা, ইন্দ্ৰিয়ই ঢুকি নোপোৱা, ইন্দ্ৰিয়ৰ বোধ্য নোহোৱা; যেনে, ঈশ্বৰ চকুৰ অগোচৰ, সেই কথা কৰ্ণৰ অগোচৰ, unknown, not under the cognizance of the senses.

অগ্নি, স.শ. (সং. অগ্নি, জুই -- অগ্, গতি কৰ্) বহ্নি, জুই; আহাৰ জীণ কৰা শক্তি; যেনে, বুঢ়াৰ অগ্নি মন্দ, fire, the power of digestion.

অগ্নিকণা, স.শ. (সং. অগ্নিকণা, ফিৰিঙ্গটি-- অগ্নি, ঐ+কণ, ক্ষুদ্ৰ অংশ) জুই-আঙ্গনি, ফিৰিঙ্গটি, a spark of fire.

অগ্নিকলাই, স.শ. (সং. অগ্নিকণা, ফিৰিঙ্গটি; ফিৰিঙ্গটিৰ নিচিনা চোকা) বৰ খঙ্গাল; যেনে, ডাঙ্গৰীয়া অগ্নিকলাই; বৰ চোকা, বৰ জলা বা বৰ তপত; যেনে, খাৰণী টোপা অগ্নিকলাই, মৰীচটো অগ্নিকলাই, irascible, wrathful, passionate, very pungent, very hot.

অগ্নিকুণ্ড, স.শ. (সং. অগ্নিকুণ্ড, জুহাল--