পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাই অতিশয় দুঃখিত হল; আৰু তাৰ পাচদিনা পুবাই উঠি গৈ বাটটিৰ যি যি ঠাইত হাবি হৈছিল, সেই এটাই বোব দাৰে কাটি পেলালে। তাৰ পিছত ঈশ্বৰ ঠাকুৰ আতা প্ৰসঙ্গক অহাত, মহাপুৰুষ দেৱে কাপোৰ নিতিতা দেখি কাৰণ শোধাত, শ্ৰীৰাম আতাই বাটটি জুৰি দিয়া কথা শুনি বৰ সন্তোষিত হৈ শ্ৰীৰামৰ ধন্য গুৰু ভক্তি” বুলি প্ৰশংসা কৰিলে * এই বোৰ কথাৰে পুৰ্ব্বকালৰ কেবলীয়া ভকত সকল কেনে জিতেন্দ্ৰিয় আছিল আৰু কেবল ধৰ্ম্মৰ পক্ষে কেনে হোবা উচিত ইত্যাদি বিষয় কিছু পৰিমাণে বুজিব পৰা যায়।

এই জনসিদ্ধ পুৰুষে সম্পূৰ্ণৰুপে কেবলীয়া ধৰ্ম্ম প্ৰতিপালন কৰিছিল বুলি সাধু সমাজত প্ৰবাদ আৰু ভক্তি তত্বত লেখা আছে। এতিয়াও এওঁৰ ভক্তিৰ মাহাত্ম্য আৰু সুকীৰ্ত্তি আসামৰ সকলো শত্ৰতে প্ৰখ্যাত, আক সদাই দহজনৰ মাজত কোবামেলা হৈ শ্ৰবণ কীৰ্তন হব লাগিছে। দ্বাপৰত বিদুৰ আৰু কলিত শ্ৰীৰাম আতা এই দুই জনৰ প্ৰভেদ নাই বুলিলেও ঐত্যুক্তি কৰা নহয়। এই আতা জনৰ জন্ম বৃতান্ত এতিয়ালৈ কোনো লোকে ঠিক কব নেবাৰে, শাস্ত্ৰতো পোয় নাই।