( ৩ ) তেওঁক ভবিষ্য়তে মায়া মোহে আক্ৰমিবও পাৰে ইত্যাদি বিষয় প্ৰাৰ্থনা কৰাত গুৰুজনে এই কথাত অত্যন্ত সন্তোষ পাই, সেৱকৰ হতুৱাই চাউল বোৰ নি, এটাইবোৰ ভকতক ভগাই দি তেওঁৰ অসুখ দূৰ কৰালে । (৩) এই সিদ্ধ পুৰুষ জনৰ গুৰু ভক্তি ও যে অচলা আছিল তাক তলত লেখা কথাটিৰ পৰা সহজে জনা যায়। এওঁক ঈশ্বৰ ঠাকুৰ আতা পুৰুষে আনি ঈশ্বৰ মহাপুৰুষ মাধৰ দেৱক দিছিলে; সেই বাৰে আৰু এওঁলোক (ঈশ্বৰ মাধবদেব আৰু ঈশ্বৰ ঠাকুৰ আতা) দুইও সখি (অৰ্থাৎ যুগল সম্প্ৰদা) আছিল। ভক্তি তত্বত যি জনে গুৰু চিনাই দিয়ে তেওঁ ও গুৰু সদৃশ পূজণীয, আকৌ যুগল সম্প্ৰদাৰ ভিতৰতো দুইৰো অভিন্ন অৰ্থাৎ একাত্মা; ইত্যাদি কাৰণে শ্ৰীৰাম আতাই ঈশ্বৰ মাধবদেব আৰু ঈশ্বৰ ঠাকুৰ আটাৰ দুইও জনকেই গুৰু বুলি মানিছিল। সেই সময়ে ঈশ্বৰ ঠাকুৰ আতাৰ বাস বৰপেটাৰ পশ্চিমে ৬।৭ মাইল দূৰৈত “জনিয়া" গাঁওত আছিল। আতা পুৰুষ প্ৰায় প্ৰতিদিনে জনিয়াৰ পৰা বৰপেটাক গৈ পুবাৰ প্ৰসঙ্গত্ হাজিৰ হৈছিল। এদিনাখন আতা পুৰুষ প্ৰসঙ্গত উপস্থিত, হোয়াত ঈশ্বৰ মাধবদেব পুৰুষে তেওৰ কাপোৰ বোৰ তিতা দেখা পাই, কাৰণ শোধাত, বাটৰ দুইও কাষত থকা বনৰ নিয়ৰে কাপোৰ বোৰ তিতাইছে বুলি কলে। এই কথা কোৱা মেলাৰ সময় গুৰিতে শ্ৰীৰাম আতা বহি আছিল। তেওঁ গুৰুৰ এই দুঃখৰ কথা শুনি আৰু দেখা
এই আৰ্হি মতেই বৰ্ত্তমানেও চাউল ততণী হৈ আছে। + এই গাঁওখন অতিশয় পুৰণী, বৰ্ত্তমাণে জণীয়া শস্ত্ৰ নামে প্ৰক্ষাত।