পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২ । ওপৰঞ্চি। গুৰুভক্তি কলিকালৰ ঘটনা।

শ্ৰী শ্ৰী ঈশ্বৰ মহাপুৰুষ শঙ্কৰ দেব নিম্ন অসামৰ বৰপেটাত
  • বাস কৰি পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰিব ধৰাত, দেব দেবী

পূজাৰ চলতি হ্ৰাস হোবা দেখি, অনেক ব্ৰাহ্মণে গোটখাই, সেই সময়ৰ “নৰনাৰায়ণ” ৰজাৰ ঠাইত আপত্তি জানালে যে “শঙ্কৰ নামেৰে এজন শূদ্ৰে উজানিৰ পৰা আহি আমাৰ ইঠাইত বৈষ্ণব ধৰ্ম্ম পচাৰ কৰি তেওঁ আৰু তেওঁৰ ভকত বোৰে বেদ-শাস্ত্ৰৰ মত নেমানে। ইয়াত দেব দেবীৰ পূজা আৰু হোম-যজ্ঞাদি সকলো লোপ হ’ল।” ইত্যাদি নানা তৰহৰ কথা লগোৰাত, ৰজাই খঙ্গ কবি, ঈশ্বৰ পুৰুষক ভকত সকলে সহিতে ধৰি নিবলৈ কিঙ্কৰ পঠাই দিলে। লোক মুখে এই কথা শুনি এনে অবস্থাত ৰজাক দেখ; দিয়া অনুচিত বিবেচনায় তেওঁ ভকত সকলে সহিতে অল্প আঁতৰি থাকিলে। তাতে ৰজাৰ লোকে তেওঁক লগ নেপালে। কিন্তু “ঠাকুৰ আত আৰু গকুলচন আতৈ নামে দুজন ভকতক ধৰি নি ৰজাক দিলে। ৰজাই এওঁ লোকক পাই শ্ৰীশঙ্কৰ দেবক নোপোবা পঙ্গত, শান্তি কৰি শঙ্কৰ দেবৰ সঙ্গ আৰু তেওঁ লোকে সেই ধৰ্ম্ম পৰিত্যাগ কৰিবনে নকৰে ইত্যাদি কথা শুধিলে। তাত তেওঁ লোকে নোহোৰাত মাতি আকৌ হাত-ভৰিৰ প্ৰতি আঙ্গুলিৰ মাঝে মাঝে আৰু গাৰ চাল বোৰত বাহৰ শলা বিন্ধাই দিয়া আদি উগ্ৰ শাস্তি কৰিলে। আৰু ঠাকুৰ আটাৰ এখন হাতো ভাঙ্গি পেলালে। এনেকুৰা অসহ্য় শাস্তিতে তেওঁ গুৰুৰ ৰ বিপৰীতে