পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৬৯)

কামজ মাত্ৰ। ভাঙ্গৰ জনে সৰু বোৰক পুত্ৰৰ নিচিনা প্ৰতিপাল কৰিব। আৰু সৰু বোৰেও সচ্চৰিত্ৰ, ন্য়ায়পৰায়ণ আৰু ধাৰ্ম্মিষ্ঠ ডাঙ্গৰ ভ্ৰাতৃক ধৰ্ম্মত পিতৃতুল্য ভক্তি কৰিব। জ্যেষ্ঠেই কুলৰ উন্নতি আৰু অবনতিৰ মূল। ভ্ৰাতৃ বিলাকে অবিভক্ত ভাৱে একত্ৰে বাস কৰিব।কিন্তু পৃথকে ধৰ্ম্ম বৃদ্ধি হয়, এতেকে ধৰ্ম্মকাঙ্খী লোকে; ঠাই ঠাই বাস কৰিলেও বেয়া নহয়। পৈত্ৰিক ধনৰ ভাগ ডাঙ্গৰ জনে দ্বিগুণ, মজলীয়াই ডেৰা, ইয়াত বাহিৰে অন্যান্য বোৰে এক এক ভাগ পাব। অনুঢা ভনী বিলাকৰ বিবাহৰ খৰছৰ কাৰণে, প্ৰত্যেকৰ নিজ নিজ অংশৰ পৰা এক চতুৰ্থাংশ দিব । যোনে এই ভাগ দিবলৈ অনিচ্ছা কৰে সি ধৰ্ম্মতঃ পতিত হয়।

যেনেং - স্বেত্যাহং শেভ্যস্তু কন্যাভ্যঃ প্ৰদদ্য়ুভ্ৰাতৰঃ পৃথকঃ। স্বাৎস্বাদং শাচ্চতুৰ্ভাগং পতিত্যস্যৰাদিৎসৱঃ। ( ইতি মনুঃ নঃ অঃ ) মহ-গৰু আদি পশু বিলাক যদি সমানে ভাগ কৰাত মিল নহৈ দুই এটী বাকী থাকে; তেন্তে সেই অতিৰিক্ত পশু জ্যেষ্ঠে পাব। যদি কেইবা জনি সবৰ্ণাস্ত্ৰী হয় আৰু যদি প্ৰথম জনীৰ গৰ্ভত প্ৰথম পুত্ৰ নহৈ শেষৰ বিবাহিতা স্ত্ৰীৰ গৰ্ভত জন্মে, তেন্তে সেই লৰাই ডাঙ্গৰ বুলি গণ্য হব। জমজ অৰ্থাৎ জজা লৰা দুই জনৰ ভিতৰত প্ৰথম ওপজা লৰাই ডাঙ্গৰ। যদি কোন লোকৰ পুত্ৰ সন্তান নথকাত ছোৱালী বিয়া দিয়া সময়, এনেকুৱা ব্যৱস্থা কৰে যে “এই কন্যাৰ গৰ্ভত যি লৰা হয়, সেই ৰাইল আমাৰ শ্ৰাদ্ধৰ গৰাকী হব” এনেকুৱা কন্যাকে পুত্ৰিকা বোলে।