পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দহ জনে যেন তেনেকুৱা হবলৈ চেষ্টা কৰে, তাৰে আৰ্হিৰ নিচিনা হব লাগে। তিৰোতা বোৰে সৈতে ঈশ্বৰ সম্বন্ধীয় আলাপ প্ৰলাপ কিম্বা তিৰোতাৰ স্বামীত্, ভিন্ন অপৰ ধৰ্ম্মৰ অনুষ্ঠা কৰিবৰ উপদেশ দিয়া খাত-পাম চলোৱা, টকা ধাৰদি সুত গ্ৰহণ কৰা খাট-পালেঙ্গ তুলি-তলিচাত শোৱা ম’হৰ গাখীৰেৰে আউহি-একাদশী পালন কৰা, এটী বা দুটি অবিয়া আলধৰা লৰা ৰাখি, তাহাতৰ দুইও কাল অকামিলা কৰা আদি নিয়ম কেৱলীয়া সকলৰ ধৰ্ম্ম বিৰুদ্ধ যেন লাগে। দ্বাবিংশ অধ্যায়। দায়ভাগ ( পিতৃ-ধন বিভাগ)। পিতৃ-মাতৃ লোকান্তৰ হলে, ভ্ৰাতৃবৰ্গ এটাইয়ে মিলি পিতৃধন সমানে ভগাই লব পাৰে। কিন্তু পিতৃ বৰ্ত্ত মানে আৰু তেওঁৰ অনিচ্ছায় পুত্ৰসকলৰ কোনো অধিকাৰ নাই, যদি অন্যান্য ভ্ৰাতৃ সকলে জ্যেষ্ঠজনক পিতৃজ্ঞানে একত্ৰ বাস কৰে, তেন্তে জ্যেষ্ঠজনে পৈতৃক সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰী হবলৈ পাৰে। কিয়নো জ্যেষ্ঠ পুত্ৰ ভূমিষ্ট হোৱা মাত্ৰেই মানুহ পুস্ৰৱান আৰু পিতৃলোক অঋণী হয়। এই কাৰণে জ্যেষ্ঠ স্বৰ্ব্বস্ব পাবৰ যোগ্য। ডাঙ্গৰ পুতেক জন্ম ধৰা মাত্ৰেই বাপেক পিতৃঋণৰ পৰা মুক্ত হয়, এতেতে জ্যেষ্ঠ পুত্ৰ ধৰ্ম্মো ৎপন্ন পুতেক। অন্যান্য সন্তান বোৰ (১) এই ৰকমে চলিলে গৃহস্থালি ধৰ্ম্মত থাকিও এই ধৰ্ম্মাচৰণ কৰা হয়। আৰু নিস্তাৰ পাব পাৰে। যেনে ,-“কৰ্ম্মবৈ হি সংসিদ্ধি মস্থিতা জনতা দয়ঃ”। (২) এই হেতুকেই ঈশ্বৰ পুৰুষে ঠাকুৰ আটাক অগৃহী বুলিছিল।