পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এই পুত্ৰিকা কন্যাৰ গৰ্ভত জন্মা লৰাই বাপেক আৰু মাতামহৰ উভয়ৰে কৰ্ম্মকৰ্ত্তা আকৌ সম্পত্তিৰ অধিকাৰি হব। এই ৰূপে পুত্ৰিকা গ্ৰহণ কৰাৰ পিছত যদি কোন লোকৰ পুত্ৰ জন্মে, তেন্তে সেই পুত্ৰ আৰু পুত্ৰিকা পুত্ৰ সমানাংশ ভাগী হব। আৰু পুত্ৰিকা পুত্ৰ নজন্মাতেই মৰিলে, তাই প্ৰাপ্য সম্পত্তি তাইৰ পতিয়ে পাব। জীয়েকৰ গৰ্ভে স্বজাতীয় ভৰ্ত্তাৰ দ্বাৰাই জন্ম লৰাই পৰিগণিত হব আৰু এই জীব নাতিয়ে পিণ্ডদান কৰি, অপুত্ৰক মাতা মহৰ সম্পত্তি গ্ৰহণ কৰিব। যেনে; অকৃতা বা কৃতা বাপি যৎ বিন্দেৎ সদৃশাৎসুতম্। পৌত্ৰী মাতা মহস্তেন দদ্যাৎ পিন্ডৎ হৰেদ্ধনম্॥ ১৩৬ ( ইতি মনু নঃ অঃ) মানুহে পুত্ৰদ্বাৰাই পিতৃ আৰু দেৱ লোকাদি লাভ কৰে; পৌত্ৰ দ্বাৰাই অনন্তত্ব আৰু প্ৰপৌত্ৰ দ্বাৰাই সূৰ্য্যলোক পায়। পুত্ৰে বাপেকক পুন্নাম নৰকৰ পৰা পৰিত্ৰাণ কৰে, এই কাৰণে ব্ৰহ্মা স্বয়ং পুত্ৰ নাম দিছে। যেনে;- পুন্নামো নৰকাৎ যস্মাৎ ত্ৰায়তে পিতৰং সুতঃ। তস্মাৎ পুত্ৰ ইতি খ্যাতো দ্বয়মেব স্বয়ম্ভবা। মানুহৰ পৌত্ৰ আৰু দৌহিত্ৰ এই দুই জনৰ ভিতৰত একো প্ৰভেদ নাই, কিয়নো পৌত্ৰৰ নিচিনা দৌহিত্ৰও পৰকালে পৰিত্ৰাণ কৰে। যেনে; পৌত্ৰ দৌহিত্ৰে ধোলোঝে বিশেষো মোপ পদ্যতে। দোহিত্ৰো হপিহ্য় মুত্ৰৈনং সন্তাৰয়তি পৌত্ৰৰতঃ॥ ইতি মনুঃ নঃ অঃ ১৩৯।