(৬৭) প্ৰাণস্বৰূপ পৰমেশ্বৰক সহায় কৰিয়েই নিজৰ কৰ্ত্তব্য কাম কৰি সংসাৰত থাকিব। জ্যোতিষ আৰু হাতৰ আঁক আদি কিম্বা মঙ্গল দেখি, নাইবা শাস্ত্ৰত পাৰ্গতালি দেখুৱাই কাৰো ঠাইত ভিক্ষা লাভৰ ইচ্ছা নকৰিব ইত্যাদি। ভোজন বিষয় যিমান কমাব পাৰে তিমান চেষ্টা কৰিব, কিয়নো মানুহৰ খোৱা বস্তুৰ দ্বাৰাই তেজ-বল বেচি হলে, কাম ক্ৰোধাদি ৰিপু বোৰে শৰীৰত পূৰ্ণক্ষমতা লাভ কৰে। তেতিয়া ভক্তিৰ প্ৰতিও মন বিচলিত হয়; এতেকে অল্পাহাৰ কৰি যাতে শৰীৰৰ তেজ বল কমে তাৰে যত্ন কৰিব। অধিক পৰিমাণে নেখাব, একেবাৰে লঘনেও নেথাকিব, অধিক পৰিমাণে নুশুব আৰু নিচেই কৈ নেশোৱাকৈও নেথাকিব। যেনেং-নাত্যশ্নতস্তু যোগেস্তি নচৈকান্ত মনশ্নতঃ নচাতি স্বপ্নশীলস্য যাগ্ৰতো নৈবচাৰ্জ্জুলঃ ( ইতি ভাগবদগীতায়াং) কেৱলীয়া সকলৰ-ঘৰদুৱাৰ, খোবা পিন্ধাৰ বেশ বিন্যাস আদিও যাতে কোনো ৰূপে দুঃখে-কষ্টে নিৰ্ব্বাহ হয়, এনে হব লাগে। অতিশয় উত্তম হলে কাম, ক্ৰোধাদি ৰিপু সকলে দেহত অধিকাৰ কৰিবলৈ বল পায়। আকৌ নিজে কেনেকৈ উদ্ধাৰ হৈ সদগতি লাভ কৰে, তাৰে মাত্ৰ চেষ্টা কৰিব। আন কোনও লোকক মূল তত্বাদি্ কৈ তৰাৰলৈ চেষ্টা কৰি, ব্যৱসায়ী চলোৱা উচিত নহয়। কিন্তু তেওঁৰ সৎচৰিত্ৰ আৰু ঈশ্বৰ চিন্তাত্ মন নিময়াদি আকৌ কাম ক্ৰোধাদিক বশে ৰখা দেখি অপৰ
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮১
অৱয়ব