পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সকলৰ আকৰ্ষণ নিবাৰণ কৰি, বিষয় সংসৰ্গৰূপ পাপ্, বোৰৰ পৰা দূৰৈত ৰাখিবলৈ চেষ্টা কৰিব। আকৌ সদায় মনক পৰমেশ্বৰৰ ধ্যানত নিযুক্ত ৰাথি, কাম ক্ৰোদ্ধাদি অনীশ্বৰ (ঈশ্বৰ ভিন্ন) গুণ বোৰক জয় কৰিব। কেৱলীয়া সকলৰ ভোজন পাত্ৰ কোনো ধাতুৰ হব নেলাগে। কাঠৰ বা শিলৰ হোৱা উচিত। ভাঙ্গা ফুটা হব নেলাগে, পানীৰ সাজ লাউ খোলাৰ হব লাগে। প্ৰাণ ৰক্ষাৰ কাৰণে এবাৰ মাথোন ভিক্ষা কৰিব, কিয়েনো বেচি হলে বিষয়াশক্তি জন্মিব পাৰে। দিনৰ শেষভাগে মানুহৰ ঘৰলৈ ভিক্ষা কৰিবলৈ যাব। ভিক্ষা নেপালে মনত দুঃখ, পালে ৰং নকৰিব। যাতে প্ৰাণ যাত্ৰা মাথোন ছলে, ইমান খিনি মাথোন ভিক্ষা কৰিব। অন্যান্য ব্যৱহাৰ্য্য বস্তুৰ প্ৰতিও আসক্তি এৰিব। কাকো অতি আদৰ কৰা আৰু কাৰো আদৰণীয় হোৱাও অনুচিত। কিয়নো তাৰ পৰা ক্ৰমে ক্ৰমে সংসাৰ বন্ধন আৰু মায়াৰ শিকলিৰে বন্ধা হব পাৰে। এই হেঁতুকে আদৰৰ সহিতে পোৱা ভিক্ষা ও পৰিত্যাগ কৰিব লাগে। অকলে বাস্ কৰিব। জীৱন বা মৰণলৈ এবাৰো কামনা নকৰিব কিন্তু ভৃত্য যেনেকৈ কামৰ বেচলৈ নিৰূপিত্ সময়ক মনত কৰি থাকে, সেইৰূপ জীবন মৰণ উভয় কালে ধৰ্ম্মলাভৰ কামনা কৰি থাকিব। তললৈ চহিহে ভৰিপেলাব, কাপোৰাদিৰে চেকিহে পানী খাব। সদাই সচা কথা কব আৰু মনক পবিত্ৰ কৰিব। আনে বেয়া লগা বা অপমান জনক কথা কলে তাক সহিব; আৰু নিজেও কাকো অপমান নিদিব আৰু কাৰো শত্ৰুতা নকৰিব। কোনোৱে নিজক দুৰ্ব্বাক্য বুলিলে তাৰ প্ৰতি ক্ৰোধ্, প্ৰকাশ নকৰি, তাৰ আগত বিনয় ভাৱ প্ৰকাশ কৰিব। কেতিয়াও মিচা কথা নকব। সদাই ঈশ্বৰ চিন্তাত নিমগ্ন থাকিব; কোনো বিষয়লৈ আশা নেৰাখি সদাই নিস্পৃহ হৈ থাকিব। কেৱল