(৬৫) শৌচ্-সদাচাৰ ( শাস্ত্ৰ আৰু দেশাচাৰ মতে দেহ শুদ্ধি ) ইন্দ্ৰিয় নিগ্ৰহ ( নিজ নিজ বিষয়ৰ পৰা ইন্দ্ৰিয় সকলক্ নিবৃত্তি কৰা) ধ্বী ( সংশয় নিবাৰণ কৰি জ্ঞান লাভ কৰা অৰ্থাৎ জ্ঞানী আৰু গুৰুৰ মুখে জ্ঞান লভা) বিদ্যা, আত্মজ্ঞান, সত্য আৰু অক্ৰোধ (খঙ্গৰহিত) এই দহোটি ধৰ্ম্মৰ লক্ষণ। এই দহোটি কেৱলীয়া সকলে অতি যত্নেৰে পালন কৰি, গুৰুমুখে মূলতত্ত্ব গ্ৰহণ পূৰ্ব্বক, দেৱ, পিতৃ আৰু ঋষি ঋণৰ পৰা মুক্ত হৈ কেৱল ধৰ্ম্মৰ চিন্তাত মনোনিবেশ কৰিব। কৰ্ম্মদোষৰ কাৰণে জীৱৰ অনেক প্ৰকাৰ গতিপ্ৰাপ্ত নৰকত্, পতিত হোৱা আদি যম যাতনাৰ কথা সদায় আলোচনা কৰিব। আকৌ আত্মীয় লোকৰ বিয়োগ, অপ্ৰিয় লোকৰ লগত লগ, বৃদ্ধ অৱস্থাৰ দুঃখ, ৰোগৰ পৰা কষ্ট, এই দেহৰ পৰা জীবাত্মাৰ বিলোপ অৰ্থাৎ নিঃশ্ৰণ, পুনৰাই গৰ্ভবাসত দুঃখ সহি জন্ম গ্ৰহণ আৰু সহস্ৰ সহস্ৰ যোনিত্ বাৰম্বাৰ যাতায়াত, এই সমুদায়ী দুঃখ কৰ্ম্মদোষে উদ্ভব হয়; এই কথা সদায় চিন্তা কৰি থাকিব। কেৱল ধৰ্ম্মৰ চিহ্নাদি ধৰিলেই ফল নহয়, যি ধৰ্মৰ যি নিয়ম আছে সেই মতে প্ৰবৰ্ত্তন কৰিলেহে ধৰ্ম্মাচৰণ হয়। যেনেকৈ নিৰ্ম্মালি গুটি পানীত পেলাই দিলেহে পানী নিৰ্ম্মল হয়, কিন্তু তাৰ নাম ললেই নিৰ্ম্মল নহয়, তেনেকৈ কেৱল ধৰ্ম্মৰ চিহ্ন অৰ্থাৎ লাখুটিধৰা, গাঁতিমৰা আৰু আঠুৰ উপৰ কপোৰ পিন্ধা আদি চিহ্নৰ পৰা ধৰ্ম্ম নহয়। এই বোৰ চিহ্নও ধৰিব লাগিব আৰু আচাৰ, শ্ৰৱণ কীৰ্ত্তন প্ৰভৃতি নিয়ম সফল কায়মনোবাক্যে প্ৰবৰ্ত্তিৱ লাগিব। তেহে ধৰ্ম্ম কৰা হয়। প্ৰাণায়ম দ্বাৰা ইন্দ্ৰিয় বিকাৰ আদি দোষ বোৰ নিলগাব। ঠাই বিশেষে মনক বন্ধন কৰিব; আৰু নিজ নিজ বিষয়ৰ পৰা ইন্দ্ৰিয় মন্ত্ৰোচ্চাৰণ পূৰ্ব্বক উশাহ নিৰোধ কৰি প্ৰাণ দমন কৰিবৰ উপায়। এই উপায়ে ঈশ্বৰৰ ৰূপ ধৰা হয়।
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৯
অৱয়ব