পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


একোণবিংশ অধ্যায়ঃ। শেষাৱস্থা (কেৱল ধৰ্ম্ম) সত্য, ত্ৰেতা, দ্বাপৰ এই তিন যুগৰ লোক সকলে গৃহস্থাশ্ৰম ধৰ্ম্ম যথা বিধিমতে প্ৰতিপালন কৰি, শেষৱস্থায় বানপ্ৰস্থ ধৰ্ম্মৰ অনুষ্ঠান, কৰিছিল। কিন্তু বৰ্ত্তমান কলি যুগৰ লোক সকলে এই নিয়ম প্ৰতিপালন কৰা প্ৰায় দেখিবলৈ পোৱা নেযায়। অন্যান্য দেশত এই ধৰ্ম্ম ঠাই বিশেষে থাকিবও পাৰে; কিন্তু আমাৰ এই আসাম দেশত সমুলি নাই বুলিলেও বৰকৈ বঢ়ায় কোৱা নহয়। অনুমান দ্বা ৰাই বুজা যায় পৰমেশ্বয়ে এই বানপ্ৰস্থ ধৰ্ম্মৰ সলনি আমাৰ দেশত উদাসীন (কেৱলীয়া) ধৰ্ম্ম প্ৰবৰ্ত্তন কৰিবলৈ নিয়ম কৰি দিছে। সেই দেখি এই কেৱল ধৰ্ম্মৰে নিয়ম প্ৰণালী যথাসাধ্য এই পুথিত অল্প লেখা হল। নিয়মানুযায়ী বেদ শাস্ত্ৰ অধ্যয়ন কৰি, ধৰ্ম্মা নুসাৰে পুত্ৰ জন্মাই শক্তিঅনুসাৰে দেৱ-পিতৃ কাৰ্য্য কৰি, লোক সকলে পিছত মোক্ষলৈ মন দিয়া কৰ্ত্তব্য় । গৃহস্থ যেতিয়া দেখিব যে নিজৰ গাৰ ছাল অস্থিৰ হৈছে, চুলিখুৱলীয়া হৈছে, আৰু পুত্ৰৰ সন্তান জন্মিছে; তেতিয়া তেওঁ কোনো শত্ৰত্ (যি ঠাইত সদাই পৰমেশ্বৰৰ নাম কীৰ্ত্তনাদি হৈ থাকে। বাস কৰিবগৈ। তেওঁ নিজে যত্ন কৰি যি বোধা মূল্য়বান বস্তু আৰু খোৱা বস্তু , গৰু, ঘোঁৰা, শয্য়াদি পৰিত্যাগ কৰি, আৰু পত্নীকো পুত্ৰক সমৰ্পন কৰি উক্ত ঠাইত গৈ বাস কৰিব। সত্ৰত এনেক একান্ত ভকত বাস কৰি থাকে, তেওঁ লোকৰ সঙ্গত থাকি, ঈশ্বৰ চিন্তাত মন নিবেশ পুৰ্ব্বক সদাই সদালাপে দিন নিয়াব লাগে।