পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নাৰী ভূমি , স্বৰূপ,পুৰুষ বীজস্বৰূপ ; ভূমি আৰু বীজ উভয় সংযোগে শৰীৰ'উৎপন্ন হয়। যেনে কৈ ভূমি আৰু বীজ উভয়ৰ গুণ সমান হলে, উত্তম শস্য উৎপন্ন হয়। সেইৰূপে ভাৰ্যা-স্বামী উভয়ে সমান হলে, তাহাঁতৰ সহবাসে যি সন্তান জন্মে সি অতিশয় উত্তম হয়। এই ঠাইত দেখা যায় যে বীজৰ শক্তি ভূমিতকৈ বেচি। যেনেকৈ ধান পেলালে ধান হে হয়, অন্য মাহ, তিল আদি শস্য নহয় আৰু যি লোকে ভূমি চাহ কৰি বীজ, পেলায় সিংহে এই শস্য়ৰ অধিকাৰী হয়, সেই ৰূপে সেই পুৰুষৰ নিচিনাই সন্তান হয়। আৰু স্বামীয়েই সন্তানৰ অধিকাৰী হয়। জ্ঞানীলোকে আৰু দীৰ্ঘায়ু হবলৈ ইচ্ছা কৰা পুৰুষ সকলে আনৰ ক্ষেত্ৰত বীজনুৰুব। কিয়নো যেনেকৈ মৃগৰ পূৰ্ব্ব চিকাৰীয়ে শৰে বিন্ধা পশুক আকৌ অপৰ চিকাৰীয়ে শৰেৰে বিন্ধিলে তাৰ সেই শৰ নিস্ফল হয়, সেই ৰূপে অপৰৰ ভাৰ্য্য়াত সহবাস কৰিলে যদি সন্তান জন্মে; তেন্তে তাৰ নহৈ সেইস্ত্ৰীৰ পতিৰেই ঐহিক কালৰ নিমিত্ত হয়। যেনে;-অত্ৰগাথা বায়ুগীতা কীৰ্ত্তয়ন্তি পুৰাবিদঃ। যধা বীজং নবপ্তব্যং পুংসা পৰপৰিগ্ৰহে। ৪২। নশ্য়তযুৰ্যথা বিদ্ধঃখে বিদ্ধমনু বিধ্যতঃ। তথা নাশ্য়াতি বৈ ক্ষিপ্ৰং বীজং পৰপৰিগ্ৰহে। ৪৩। ( ইতি মনুঃ নঃ অঃ) স্ত্ৰী পুৰুষ সঙ্গৰ কালে উভয়ৰ বীজ্ স্খলিত হয় ।তেতিয়া বাম বীজ বেচি হয় ।সেই জাতি সন্তান জন্মে অৰ্থাৎ মুনিহৰ বেচি হলে লৰা আৰু সেই লৰাৰ আকৃতি প্ৰকৃতি সেই পুৰুষৰ নিচিনা আৰু তিৰোতাৰ বিৰ্য্য় বেচি হলে ছোৱালী হয় আৰু আকৃতি প্ৰকৃতি তিৰোতা জনীৰ নিচিনা হয় ।কিন্তু লৰাই হওক কি ছোৱালীৱেই হওক স্বত্ব হলে মুনিহৰেই