পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


পূৰ্ব্বে বিধাতাৰ দ্বাৰাই এই নিয়ম হৈছে যে, স্বা মীৰ সহিতে ভাৰ্য্য়াৰ যি সম্বন্ধ, সি কেতিয়াও দান বা বিক্ৰি বা পৰিত্যাগ আদিৰে লোপ না পায় । যেনে;-ন নিস্ক্ৰয়বিসৰ্গাভ্যাং ভৰ্ত্তুভাৰ্য্যা কিমুচ্যতে। এবং ধৰ্ম্মং বিজানীমঃ প্ৰাকপ্ৰজাপতিনিৰ্ম্মিতম্। ৪৬। (ইতি মনুঃ নঃ অঃ) যদি স্বামী কোনো কাৰণে অনেক দিন থাকিবলৈ বিদেশে যাবলগা হয়, তেন্তে ভাৰ্য্য়াৰ পুহপালনৰ উপায় কৰি যোৱা উচিত। কিয়নো জীবিকা নিৰ্বাহৰ উপায় নেপাই সচ্চৰিত্ৰা, ধৰ্ম্মনিষ্ঠা স্ত্ৰীও কুপথে যাবলৈ পাৰে। তেতিয়া স্ত্ৰীৰো উচিত যে সূতাকাটি কিম্বা অন্যান্য শিল্প কামেৰে জীবিকা নিৰ্ব্বাহ কৰিব। তথাপি যেন কুপথে নেযায়। পতি ধৰ্ম্ম কামৰ নিমিত্তে বিদেশলৈ গলে পত্নীয়ে আঠ বছৰ পৰ্য্যন্ত পতিৰ অপেক্ষা কৰিব। বিদ্যাৰ্জন বা যশস্য়া লাভৰ কাৰণে গলে হয়, আৰু ইন্দ্ৰিয় উপভোগাৰ্থে গলে তিনি বছৰ স্ত্ৰীয়ে তাৰ প্ৰতিক্ষা কৰিব। তাৰ পিছত পোহ-পালৰ নিমিতে সৎলোকৰ আশ্ৰয় লবলৈ। যেনে-প্ৰোষিতো ধৰ্ম্মকাৰ্য্য়াৰ্থং প্ৰতীক্ষ্যোহষ্টোনৰঃসমাঃ বস্য়াৰ্থং ষড়বস্পোহোৰ্থং বা কামাখংক্ৰীংস্তবং সৰান।। ৭৬ ইতি মনুঃ পঃ অঃ) যদি স্বামীৰ অহিতাচৰন পূৰ্ব্বক ভাৰ্য্য়া স্থানান্তৰে যায়, তেন্তে স্বামীয়ে এবছৰ কাল অপেক্ষা কৰিব পাৰে ।কিন্তু যদি আৰু পিছতো