পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


চঞ্চল্ স্নেহশূন্য়। এই কাৰণে শত চেষ্টাতো দুষ্টা স্ত্ৰীয়ে স্বামীৰ বিৰুদ্ধে ব্যাভিচাৰ কৰি থাকে। যেনে,-“নৈত্যৰূপং পৰীক্ষন্তে নাসাং বয়ৰ্সি সংস্থিতিঃ। সুৰূপং বা বিৰূপং বা পুমা নিত্যেব ভুঞ্জতে॥১৪ পৌশ্চল্য়াচ্চল চিত্তাচ্চ নৈম্নেহ্য়াচ্চ স্বভাবতঃ। ৰক্ষিতা যত্নতোহপীহ ভৰ্ত্তদেতা বিভুৰ্ব্বতে। ১৫। ( ইতি মনুঃ নঃ অঃ) পৰমেশ্বয় স্ত্ৰী জাতিক এই স্বভাবী কৰিয়েই সৃজন কৰিছে। এতেকে চলে বলে কৌশলে যি প্ৰকাৰেই হওক স্ত্ৰীক ভালে ৰাখিবলৈ যত্ন কৰা নিতান্ত উচিত। যেনে;-এৰৎ স্বভাবৎ জ্ঞাত্বাসাং প্ৰজাপতি নিসৰ্গজম্। পৰমং যত্নমাতিষ্ঠেৎ পুৰুতো ৰক্ষণংপ্ৰতি॥১৬। (ইতি মনুঃ নঃ অঃ) নদীৰ পানী যি ৰূপে সাগৰৰ সহিতে মিলি লোনা হয়, সেই ৰূপে স্ত্ৰীবোৰেও যেনেকুবা সাধু-অসাধু পুৰুষৰ সহিতে বিহাৰ সুত্ৰে মিল হয়, সেইৰূপ গুন বিশিষ্ট হয়। যেনে নিকৃষ্ট কুলত জন্ম লৈ “অক্ষমালা” “পক্ষিণী -সাৰঙ্গী " আৰু সত্যবতী ক্ৰমান্বয়ে ঋষি "বশিষ্ট" “মন্দপাল” আৰু “সান্তানু" ৰজাৰ লগত ভাৰ্য্য়াৰূপেমিলি পৰম মান্য়া আৰু ধৰ্ম্মিষ্টা হৈ জগতত সতী নামে ক্ষাত হৈ গৈছে।

  • যি বোৰ স্ত্ৰী ধৰ্ম্ম লেখা হল , এই বোৰ গুন, সতী স্ত্ৰীৰ ভিন্ন

অপৰৰ গাত নে থাকে।

  • কুলতা স্ত্ৰীয়ে তাইৰ নিজ স্বামীক মৰম নকৰে ।