পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


(৪৯) মাংসকে মানুহে খোৱা উচিত ন হয়। যি শাস্ত্ৰৰ বিধি মতেও মাংস নেখায় তেওঁলোক সমাজত প্ৰিয় আৰু নিৰোগী হয় । আৰু কৈছে যে পশু মাৰিবলৈ অনুমতি দাতা, মৰা, ভাগ কৰা, মাংস কিনা, বিকা, ৰান্ধা, বছা, বা কুটা আৰু খোৱা এই এটাই বোৰই পশু মৰা পাতকী *। মাংস শব্দৰ অৰ্থ এই যে মাংস অৰ্থাৎ সোক সঃ অৰ্থাৎ সি (ভোজন কৰিব)। সপ্তদশ অধ্যায়। প্ৰেত আৰু জন্ম শুদ্ধি।

লৰাৰ দাত গজাৰ পিছত, চূড়াকৰণ আৰু উপনয়নৰ সময়ত যদি সেই লৰা মৰে। তেন্তে সপিও সমানোদক সকল অশুদ্ধ হয়। সেইৰূপ সন্তান জন্মিলেও এটাইয়ে অৰুচি হয়। সপিন্ডৰ মৃত্যু হলে, ব্ৰাক্ষ্মণৰ বেদ জ্ঞান আৰু অগ্নিচৰ্য্য় বিবেচনায় দশাহ অশৌচ আৰু চাৰি দিন তিনি দিন কিম্বা এক আহোৰাত্ৰ অশৌচৰ নিয়ম আছে। সৰ্বগুণ বিৰহিত ব্ৰাহ্মণৰ পক্ষে দশাহ অশৌচ বিহিত। সপিণ্ডৰ সপ্তম পুৰুষৰ পৰা সিপিনে অশৌচ নেথাকে। কিন্তু সমানোদক ভাৱ হলে সদাই থাকে। জন্ম-মৃত্যুৰ উভয় অশৌচেই এক নিয়মে পালন হোৱাৰ নিয়ম আছে। কেৱল মৃত্যু অশৌচে সপিণ্ডৰ এটাইয়ে অস্পৃশ্য থাকে আৰু মাছ, মাংস, তৈল্যাদি বৰ্জ্জনীয়। জন্মশৌচে হলে কেবল মাক বাপেকেই মাথোন অস্পৃশ্য় হয়। তাৰ ভিতৰতো মাকৰ দহদিন আৰু বাপেকৰ হলে স্নান কৰিলেই স্পৰ্শনীয় হয়। মনু সংহিতাৰ পঞ্চম অধ্যায় ৪৮।৪৯।৫০।৫১ শ্লোক দেখা।