পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ওপৰত যিবোৰ পশু -চৰাই আদিৰ মাংস খোৱা যুগুত বুলি কোৱা হৈছে এই বোৰ যদি অকাৰণত মাৰি খায়; তেন্তে দোষ হব। কেৱল শাস্ত্ৰানুযায়ী শ্ৰাদ্ধাদিৰ ভোজত দিয়া মাংস আৰু ৰোগৰ কাৰণে কিম্বা আহাৰা ভাবে প্ৰাণ যায় যায় এনেকুৱা অবস্থাতে হে মাংস খাব পাৰে। যেনে প্ৰোথিতং ভক্ষয়োন্মাং ব্ৰাহ্মণাঞ্চ কামায়া। যথাবিধি নিযুক্তন্ত প্ৰানামেব চাত্যায়ে। ২৭। ( ইতি মধুঃ পঃ অঃ ) অনাপত কালে অবৈধ মাংস খোৱা অনুচিত। অবৈধ মাংস খালে সেই পশুবোৰে তাক পৰকালত ভক্ষণ কৰিব, আকৌ পশুৰ গাত যিমান লোম থাকে তিমান বাৰ জন্ম ধৰিব আৰু প্ৰতিবাৰেই সেই পশুৰ দ্বাৰাই হত্যা হব। অকাৰণত মাংস খালে খোৱা লোকে পৰকালে যেনে পাপ ভোগ কৰে; ধনৰ কাৰণে পও মৰিয়া লোকেও সেই পাপ ভোগে। যেনে; তাদৃশং ভবত্যেনো মৃগহধৰ্থিনঃ। যাদৃশং ভৱতি প্ৰেত্য বৃথা মাংসানি খাদত। ৩৪। (ইতি মনুঃ পঃ কা) যি লোকে জীৱ সকলক বধ বন্ধনাদি কৰি ক্লেশ নিদিয়ে আৰু মনুষ্য়াদি কোনো প্ৰাণীকে হিংসা নকৰে, এটাইৰে হিতকাৰী হয়, তেঁও পৰকালে অতিশয় সুখ ভোগ কৰে আৰু যি ধৰ্ম্ম কৰ্ম্মাদিৰ আশা কৰে তাৰ সকলো লাভ হয়। মনুৰ মূল বাক্য এই যে প্ৰাণী হিংসা নকৰাকৈ যদি কোনো উপায়ে মাংস পোৱা নেযায়, এতেকে কি বৈধ কি অবৈধ কোনো