পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


________________

(৫০)। পুৰুষে কামাহীন হৈ নিজস্ত্ৰীতে ৰেতঃপাত কৰাত স্নান কৰিলেই গুচি হয়; কিন্তু অপৰ স্ত্ৰীত হলে তিনি দিন অশৌচ খতিব লাগে। ব্ৰাহ্মণ যদি গুণবানেই হয়; তথাপি সপিণ্ডৰ শৱ স্পৰ্শ কৰিলে দহ অহোৰাত্ৰ অশৌচ, ভুগিব লাগিব। তিৰোতা বোৰৰ তিনি মাহৰ পৰা ছ মাহৰ ভিতৰত গৰ্ভশ্ৰাৱ হলে, মাহৰ সমান সংখ্যক অশৌচৰ দিন নিৰ্ণয় হয়। অৰ্থাৎ তিনি মাহৰ তিনি দিন, চাৰি মাহৰ চাৰি দিন ইত্যাদি। চুড়াকৰণ নোহোৱা লৰাৰ মৃত্যু হলে সপিণ্ড সকলে অহোৰাত্ৰিতেই শুদ্ধ হয়। কৃতচুড় হৈ উপনয়নৰ আগে য়ে মৰিলে, তিনি ৰাতি লাগিব। তিনি বছৰৰ কম বয়সীয়া লৰা মৰিলে তাৰ অগ্নিদাহ ৰা উদক ক্ৰিয়া কৰিব নেলাগে। গাঁওৰ বাহিৰে নি পুতি বা উদং ঠাইত পেলাই আহিলেই হয়। কিন্তু নামকৰণ হলে বা দাঁত গাজিলে, প্ৰেতৰ মঙ্গল কাৰণে উদক ক্ৰিয়াদি কৰা ভাল। সমানোদক সকলৰ সন্তান জন্মিলে, তিনি ৰাতি অশৌচ হয়। বিয়া দিবলৈ ঠিক্ ঠাক হোৱা ছোৱালী মৰিলে স্বামী আৰু বন্ধুবৰ্গে তিনি ৰাতি অশৌচ্, খাতিব লাগে। পিতৃ পক্ষৰ লোক সকলেও এইৰূপ অশৌচ পাতি "শুদ্ধ হয়। মৃতাশৌচ কোষৰতে হলে অকৃত্ৰিম (সন্ধ্যৰ বা কৰকচ) লোনেৰেঅন্ন ভোজ ন কৰিব আৰু তিনি দিন গা নিপিহাকৈ নদী প্ৰভৃতি বেচি নাইবা শোথ থকা পানীত গাধুৰ লাগে। মাছ মাংস খাব নেলাগে আৰু অকলে শুব লাগে। কিন্তু বিদেশত থকা লোকৰ যদি সপিণ্ড সকলে কেই দিন মান অতীত হোৰত মৰণৰ সম্বাদ পায়; তেন্তে যি কেই দিন বাকী থকাত শুনে; সেই কেই দিন মাথোন অশৌচ খাতিব