পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

________________

যোৰশ অধ্যায়। অল্প বয়সত মৃত্যুৰ কাৰণ; আৰু ভোক্ষাভোক্ষ মাংস। বেদ অভ্যাস নকৰিলে, সদাচাৰ পৰিত্যাগ কৰিলে, কৰ্ত্তব্য কাম কৰিবলৈ এলাহ কৰিলে, আৰু দোষীত অন্ন ভোজন কৰিলে মানুহৰ আয়ুক্ষয় হৈ অসময়ে মৃত্যু হয়। খুদুনা, ৰঘুন, ৰঙ্গাবৰ্ণৰ শাক অৰ্থাৎ ৰঙ্গা গাজৰ আদি , আৰু বিষ্ঠাদিত গজি উঠা দ্ৰব্যাদি অভক্ষ। কোন বৃক্ষ কাটিলে বা ভাঙ্গিলে যি এঠা ওলায়, গাই জগী দহ দিন অতীত নোহোৱাতে আৰু ৰজ স্বলা নাইবা দামুৰি মৰা গাই গাখীৰ, তিলৰ লগত মিহলি হোৱা চাউলৰ ভাত, গমৰ গুড়িত গাখীৰ আৰু মিঠৈ মিহলি কৰি সজা পিঠা, যজ্ঞাদি দেৱ কামত নলো গোৱা পশুৰ মাংস, একেটি খুৰা থকা পশুৰ গাখীৰ, যি বোৰ চৰাইয়ে কেচা মাংস খায় তাক আকৌ কুকুৰা, পাৰ আদি পোহনীয়া চৰাই, খুৰাত জোৰা নথকা পশু, পানী কাউৰী, হাঁহ, ৰামপাৰ, ডাউক, টিয়া, শালিকা আৰু যি বোৰ চৰাইয়ে ঠোঁটেৰে মাৰি কিম্বা নখৰে, চিৰি খায়, যি বোৰে পানীত ডুবি মাছ খায় এই বোৰক খাব নেলাগে। | শুকান মাংস আৰু যি ঠাইত নানাবিধ পশুৰ মাংস বিক্ৰিৰ নিমিত্তে ৰাখে, তাৰ পৰা কিনি আনি, যি বোৰ পশুৰে মাংস বিষ্টা খায় আকৌ শাপ, নেউল আৰু পাঁচ নখ থকা পশুৰে মাংস খাব নেলাগে। কিন্তু পাঁচ নখীয়াৰ ভিতৰত গুই,গড কাছ খৰগোষ ইহঁতক খোৱা বাধা নাই ।