পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


( 88 ) সদাই অন্তৰে বাহিৰে শুচি থাকিব, জিতেন্দ্ৰিয় হব , এলাহ নকৰি সদাই শাস্ত্ৰাদি পাঠ কৰিব আৰু উদ্যোগী হব। সদাই বেদাভ্যাস, বাহ্য়াভ্যান্তৰ গুচি, ধৰ্ম্মালাপ, আৰু সৰ্ব্বজীবে মৈত্ৰীভাব এই কয়টি ব্ৰাহ্মণ সকলৰ পৰম ধৰ্ম্ম। ঘৰৰ ওচৰতে বিষ্ঠা মূত্ৰ ত্যাগ কৰা; ভৰি ধোৱা আৰু চুৱা পেলোৱা উচিত নহয়। অগ্নি ঘৰত ৰেতঃপাত কৰিব নে লাগে। শৌচাচাৰ, দেহসজ্জা, (অলঙ্কাৰাদি পিন্ধা কাজ ) স্নান, দাঁতধোৱা কাম, অঞ্জন লেপন আৰু ঈশ্বৰৰ সেৱাদি বেদাদিক কাম দিনৰ আগ বেলাতে কৰিব লাগে। আৰু শেষ ৰাতিও কৰাৰ বিধি আছে। সকল ধৰ্ম্মৰে মূল আচাৰ, এতেকে এই আচাৰ যত্নেৰে প্ৰতিপালন কৰিব লাগে। মানুহ সদাচাৰৰ পৰাই ইকালত দীৰ্ঘায়ু, মনোমত সন্তান-সন্ততি আৰু অক্ষয় ধন লাভ হয়। ইয়াৰে যদি কিবা কুলক্ষণ থাকে, সিও নষ্ট হয়। অনাচাৰী লোক, অধৰ্ম্মী, সমাজত নিন্দিত, দুঃখভোগী, ৰোগী আৰু অল্পাযু হয়। যি সদাচাৰী তেওঁ সকলো প্ৰকাৰ সুভলক্ষণ হীন হলেও এশ বছৰ জীয়াই থাকে। পৰৰ উপকাৰেই ধৰ্ম্ম, পৰৰ অপকাৰেই পাপ, আৰু স্বাধীনে সুখ, পৰাধীনে দুঃখ। পাপ-পুণ্য আৰু সুখ দুখৰ এই সংক্ষেপ লক্ষণ জানিবা। আৰু সদাহ মনত ৰাখিব লগীয়া। সঙ্গৰ বশবৰ্ত্তী হৈ ব্ৰাহ্মণৰ উপৰ মাৰি তুলিলেও সেই পাপে তাৰ এশ বছৰ নৰক ভোগ হয়। আন কি ব্ৰাহ্মণক তৃণাদিবে ও মাৰিব নে লাগে । ডাঙ্গৰ ভাইক পিতৃ তুল্য, আৰু আপনাৰ স্ত্ৰীক নিজৰ দেহৰ অভিন্ন বুলি জ্ঞান কৰিব লাগে। দাস-দাসীক আপোনাৰ ছায়াৰ নিচিনা বিবেচনা কৰিব আৰু আপোনাৰ কন্য়াক পৰম স্নেহৰ পাত্ৰ বুলি জানিব । এতেকে