পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(89) চুলি, ছাই, হাড়, খোলা কপাহৰ গুটি আৰু তুহ এই বোৰ বস্তুত উঠিলে আয়ুক্ষয় হয়। . দুই ও হাতৰে আপোনাৰ মুখ খজুৱা বেয়া। চুৱা মূখে মুড়, সাৰিব নেলাগে। আৰু মুড় তিয়াই হাতেৰে পিহি গা ধুব লাগে। গাধুই আকৌ গাত তেল ঘঁহা অনুচিত। শৱৰ গুৰত, অধাৰ্ম্মিকৰ গুৰিত, কন্দাকটা ঠাইত, অনেক লোক গোট খোৱা ঠাইত, খাই উঠি, বাতিয়াই, টেঙ্গা উগাৰ কৰি আৰু শৰীৰত তেজ ওলালে শাস্ত্ৰ পঢ়িব নেলাগে। ভোজনান্তে, পীড়িত অৱস্থায়, আৰু মাজনিশা অনেক কাপোৰ গাত লৈ গাধুব নেলাগে। পানীৰ কাৰণ ভাল কৈ জনা না থাকিলে সেই নদীত সুমিগা ধোৱা অনুচিত। দেব প্ৰতিমা পিত্ৰাদি গুৰুজন, ৰজা, স্নাতক ব্ৰাহ্মণ, কপিলা গাই আৰু ঈশ্বৰৰ ভক্ত, এওঁলোকৰ চায়া চেৰাই যাব নেলাগে। অধিক বয়সীয়া, ক্ষত্ৰিয়, সৰ্প, বেদজ্ঞ ব্ৰাহ্মণ আৰু দুৰ্ব্বল লোকক অপমান দিব নে লাগে। শ্ৰীলাভ দুৰ্লভ বুলি নে ভাবি, মৃত্যুকাল পৰ্য্য়ন্ত শ্ৰীবৃদ্ধিৰ চেষ্টা কৰিব। মিছা কথা নকব আৰু সচা কথাকো ভাল লগা কৈহে কব । . অঙ্গহীন, অধিকাঙ্গ, বিদ্যাহীন, বয়োধিক ৰূপহীন, নিৰ্ব্বলী আৰু নিৰ্ধমী এই সকলক নিজ নিজ হীনতাৰ উল্লেখ কৰি নিন্দা নকৰিব ।আৰু অশুচি হৈ হাতেৰে খাই,ব্ৰাহ্মণ,অগ্নি নুচুব ।শৰীৰে কিম্বা অশুচি অৱস্থায় আকাশৰ তাৰা দিও নেচাব ।