পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

________________

(৪৫)। ইহঁতৰ পৰা দুঃখিত বা অপমানিত হলেও খং নকৰি সহ্য় কৰিব লাগে। কোনো প্ৰকাৰে ইহঁতৰ সৈতে বিবাদ কৰিব নে লাগে। বি ব্ৰাহ্মণ ভণ্ড তপন্থী বা ৰকব্ৰতী নাইবা বেদানবিজ্ঞ তাক জল মাত্ৰও প্ৰদান কৰাজ্ঞানী লোকৰ অনুচিত। এনে দান কৰিলে দাতা আৰু গ্ৰহীতা উভয়ে পৰকালত বিপদগ্ৰস্ত হয়। ইয়াত দান কৰ্ত্তাৰ শিলৰ ভেলত উঠি নদী পাৰ হোৱাৰ ফল হয়। আনৰ ঘোৰা, শকট, শষ্যা আসন, নাদ বা খাল, ঘৰ-বাড়ী এই বোৰ হুকুম নলৈ ব্যবহাৰ কৰিব নেলাগে। কৰিলে গৰাকীৰ পাপৰ চতুৰ্থাংশ ভোগী হব লাগে। যম আক নিয়ম উভয়েইহে মুক্তি কৰিব পাৰে; অকলে হলে কোনোৱে নোবাবে। ভ্ৰণহত্যা কাৰীয়ে দেখা অন্ন, কেশ আৰু পোক, কীট আদি থকা অন্ন ইচ্ছা কৰি ভৰি লোগোৱা অন্ন, ৰজস্বলায়, কুকুৰে আৰু চৰাই বোৰে ঠোটেৰে লাৰা (চোৰা) অন্ন, গৰুৱে ঘ্ৰাণ লোৱা অন্ন, সাধাৰণৰ কাৰণ ৰন্ধা অন্ন, বেশ্যাৰ অন্ন, যোনে মিছা সাখী কয়, যি অকৃতজ্ঞ আৰু যাৰ স্ত্ৰীৰ উপপতি আছে। যি জনে স্ত্ৰীৰ বুদ্ধিত চলে, পণ্ডিত সকলে নিন্দা কৰা অন্ন, মহাপাতকীৰ, ক্লীবৰ ব্যভিচাৰিণীৰ অন্ন আৰু কাৰো খাই এৰা আকৌ ওপৰত হাঁচি পৰা অন্ন নেখাব। বাহী পায়স খোৱাও উচিত ন হয়। ওপৰত কোৱা অন্ন বোৰ নিজৰ চাল, হাড় আৰু লোম বুলি পৰিত্যাগ কৰিব। যদি

দয়া,ক্ষমা ঈশ্বৰচিন্তা,অহিংসা পৰৰ দ্ৰব্য় চুৰ নকৰা আদিক নাম যম আৰু স্নান উপবাস শাস্ত্ৰ পাঠ, আৰু পবিত্ৰ থকাকে নিয়ম বোলে ।