( ৪২ ) যত বহুত অধৰ্ম্মী দুষ্ট মানুহ থাকে, সদাই ৰোগ হয়,আৰু চান্ডালাদি অন্ত্যজাতি থকা ঠাইত বসতি নকৰিব। আকৌ অকলে বেচি দূৰৈ বাটকো নেযাব। আজলিৰে পানী কিম্বা উৰুৰ ওপৰত ৰাখি কোনো বস্তু খোৱা আৰু অকথাতে আনন্দিত হোবা অনুচিত। সেইৰূপে অশাস্ত্ৰীয় নাচ গান আৰু নিজৰ গাত কিম্বা কাঠ আদিত বাদ্য কৰা, কাষলতি বজোৱা, দাঁতে দাঁতে লগাই শব্দ কৰা বেয়া। আৰু গাধৰ নিচিনা মাতিবও নেলাগে। কাহৰ পাত্ৰত ভৰি লগাব আৰু ভঙ্গা নাইবা বিঘ্নৰ সন্দেহ থকা সাজত ভোজন কৰিবও নেলাগে। এইৰূপে আনৰ চৰ্ম্ম পাদুকা, কাপোৰ, লগুণ, অলঙ্কাৰ, মালা আৰু কমন্ডলু এই বোৰ ব্যৱহাৰ কৰিবও নেলাগে। টেঙ্গৰ আৰু অশিক্ষিত ক্ষুধাৰ্ত, ৰোগী, শিংভঙ্গা, কনা, খুৰা ভঙ্গা লেজ ছিগা ঘোঁৰা হাতী প্ৰভৃতিত উঠিব নেলাগে। পুৱাৰ ৰদ, চিতাৰ ধোৱা আৰু ভঙ্গা আসন বৰ্জন কৰিব। নিজক নিজে নখ, লোম উঠাব, নখেৰে তৃণ ছিগিব আৰু নিস্ফল অৰ্থাৎ ভবিষ্যতৰ অমঙ্গল হোৱাৰ সম্ভৱ থকা কাম কৰিব নেলাগে। সূৰ্য অস্ত গলে তিল সম্বন্ধীয় কোনো বস্তু ভোজন কৰিব নেপায়। এই বোৰ কাম কৰিলে আয়ুক্ষয় হয়। লাঙ্গঠ হৈ আৰু তিতা ভৰিৰে শুৱ নেলাগে। খোৱা মুখে কথা, কব, চকুৰে দেখা নোপোৱা, আৰু দুৰ্গম ঠাইক যাব, পৰাপক্ষে নদীত সাঁতৰিব নেলাগে। মল মুত্ৰৰ পিনেও চাব নেপায়। + ভিতা ভৰিলে ভাত খালে আয়ু বৃদ্ধি হয় ।
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৪
অৱয়ব