পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


( ৪১ ) এক বস্ত্ৰে ভোজন কৰিব নেপায়, নাঙ্গঠ হৈ গা নুধুব। বাটত ছাইৰ ওপৰত আৰু গৰুচৰা পথাৰত খেতিৰ নিমিত্তে চাহ কৰা মাটিত, পানীত, মৰি শালিত, পৰ্ব্বতত, দেৱতাৰ ঘৰত, উইচিলাত, প্ৰাণী থকা গাঁতত, বুলি যওঁতে ২ থিয়ৈ থিয়ৈ, আৰু নদীৰ পাৰত মল-মূত্ৰ ত্যাগ নকৰিব। আকৌ বায়ু অগ্নি ব্ৰাহ্মণ, পানী আৰু গৰু এই বোৰ আগত দেখি ২ কেতিয়াও মল মূত্ৰ ত্যাগ নকৰিব। কাঠ, দলি চপৰা পাত বা তৃণাদিৰে মাটি ঢাকি, আৰু কাপোৰেৰে মুৰ গা আচ্চাদন কৰি নীৰবে বহি শৌচাচাৰ কৰিব লাগে। দিনত আৰু উভয় সন্ধ্যা সময়ে উত্তৰ মুখে আৰু ৰাতিত দক্ষিণ মুখে বহি মল মুত্ৰ ত্যাগ কৰিব। এন্ধাৰৰ নিমিত্তে কিম্বা মেঘৰ ছায়াৰ বাবে দিকবিদিক জ্ঞান নোহোৱা হলে, আকৌ পীড়িত নাই বা ভয়ৰ কোনো কাৰণ উপস্থিত হলে, যি মুখেই হওক মল মুত্ৰ ত্যাগ কৰিলে দোষ নাই। মুখেৰে ফুদি জুই ধৰিব আৰু পত্নীক উলঙ্গাবস্থায় দেখিব নেলাগে। জুইত অপবিত্ৰ বস্তু পেলাব, ভৰি সেকিব শুৱা খাট্ বা চাদৰ তলত, ভাৰ পিচনত ৰাখিব আৰু অগ্নি চেৰাবৰ ও নেলাগে। সন্ধ্যা সময়ত খাব, শুব আৰু ফুৰিব নেপায়। দিনত খোৱাত অতি তৃপ্তি হলে আকৌ ৰাতি খাব নেলাগে। দীঘল মাৰিৰে মাটি খান্দিব আৰু নিজৰ পিন্ধা মালা-মণি- হাৰ নিজে খহাব নেপায় । পানীত মল মূত্ৰ আৰু তদলিপ্ত কাপোৰ থোৱা,কিম্বা ৰিখ আৰু তেজ পেলাব নালাগে । শূন্য় ঘৰত অকলে শুব,মানী লোকক টোপনিৰ পৰা উঠাব ,ৰজস্বলাৰ সহিতে আলাপ কৰিব নেপায় আৰু যাচি (অনিমন্ত্ৰিত) যজ্ঞলৈ নেযাব ।